প্ৰেমৰ নাটকেৰে কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক, গৰ্ভৱতী কিশোৰীক ভয়–ভাবুকি লম্পট প্ৰেমিকৰ

অৱশেষত পৰিয়ালৰ লোকে ঘটনাটো গম পাই কিশোৰীগৰাকীক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

News18-Assam
Updated:July 8, 2019, 10:55 PM IST
প্ৰেমৰ নাটকেৰে কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক, গৰ্ভৱতী কিশোৰীক ভয়–ভাবুকি লম্পট প্ৰেমিকৰ
অৱশেষত পৰিয়ালৰ লোকে ঘটনাটো গম পাই কিশোৰীগৰাকীক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
News18-Assam
Updated: July 8, 2019, 10:55 PM IST
ভদ্ৰ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে হোজাইৰ মোৰাঝাৰৰ পূব বান্দৰ মেলা গাঁৱত। এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল চাহিজুল হুছেইন নামৰ লম্পটটোৱে। বৰ্তমান কিশোৰীগৰাকী সাত মাহৰ অন্তঃসত্ত্বা। ভুক্তভোগী কিশোৰীগৰাকীক এই কথা পৰিয়ালক নক’বলৈও ভাবুকি দিছিল চাহিজুলে।

অৱশেষত পৰিয়ালৰ লোকে ঘটনাটো গম পাই কিশোৰীগৰাকীক সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইফালে ন্যায় বিচাৰি আইনৰ কাষ চপা পৰিয়ালৰ লোককো ভয়–ভাবুকিৰে বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে লম্পট চাহিজুলৰ বিৰুদ্ধে। ভয়–ভাবুকিক আওকাণ কৰি ভুক্তভোগীৰ পৰিয়ালে মোৰাঝাৰ থানাত দাখিল কৰিছে এজাহাৰ। এই ঘটনাৰ পিছতে দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিভিন্ন দল–সংগঠনে।
আৰু চাওক পৰৱৰ্তী বাতৰি