உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এইবাৰ বিধানসভা নিৰ্বাচনত বিশেষভাৱে সক্ষম আৰু ৮০ৰ ঊৰ্ধ্বৰ লোকে পোষ্টেল বেলটযোগে দিব পাৰিব ভোট

    এইবাৰ বিধানসভা নিৰ্বাচনত বিশেষভাৱে সক্ষম আৰু ৮০ৰ ঊৰ্ধ্বৰ লোকে পোষ্টেল বেলটযোগে দিব পাৰিব ভোট

    নিৰ্বাচন আয়োগে কোভিডৰ বাবে এটা ভোটদান কেন্দ্ৰত ১৫০০ৰ পৰা ভোটদাতাৰ সংখ্যা ১০০০ কমাই দিছে৷ যাৰ বাবে অতিৰিক্ত ৫০০০ ভোটদানৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷

    নিৰ্বাচন আয়োগে কোভিডৰ বাবে এটা ভোটদান কেন্দ্ৰত ১৫০০ৰ পৰা ভোটদাতাৰ সংখ্যা ১০০০ কমাই দিছে৷ যাৰ বাবে অতিৰিক্ত ৫০০০ ভোটদানৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷

    নিৰ্বাচন আয়োগে কোভিডৰ বাবে এটা ভোটদান কেন্দ্ৰত ১৫০০ৰ পৰা ভোটদাতাৰ সংখ্যা ১০০০ কমাই দিছে৷ যাৰ বাবে অতিৰিক্ত ৫০০০ ভোটদানৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷

    • Share this:
    দেশৰ নিৰ্বাচন আয়োগৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক সমাপ্ত৷ কোভিড প্ৰটকলৰ লগতে এইবাৰৰ নিৰ্বাচনত দেখা যাব বহুকেইটা নতুন পদক্ষেপ৷ তিনিদিনীয়া বৈঠকত নিৰ্বাচন আয়োগে ৰাজ্যৰ জিলা নিৰ্বাচনী বিষয়া,আৰক্ষী অধীক্ষক আৰু ১৩টা ৰাজনৈতিক দলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়৷ ৰাজনৈতিক দলসমূহৰ পৰা আয়োগে কেনেদৰে নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে কৰিব সেই সন্দৰ্ভত মতামত বিচাৰে৷ আটাইকেইটা দলেই নিৰ্বাচন বিহুৰ আগতে পতাৰ পোষকতা কৰে৷ যিটো ইতিমধ্যে আয়োগে নজৰত ৰাখিছে৷

    আনহাতে এটা ৰাজনৈতিক দলে বেলটৰ যোগেদি ভোটদান হোৱাটো বিচাৰিছে যদিও সেইটো নাকচ কৰিচে আয়োগে৷ নিৰ্বাচন আয়োগে কোভিডৰ বাবে এটা ভোটদান কেন্দ্ৰত ১৫০০ৰ পৰা ভোটদাতাৰ সংখ্যা ১০০০ কমাই দিছে৷ যাৰ বাবে অতিৰিক্ত ৫০০০ ভোটদানৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে, ভোটদান কেন্দ্ৰসমূহত খোৱা পানী, শৌচাগাৰ আৰু বিশ্ৰামগৃহ নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছে৷ লগতে ভোটদান কেন্দ্ৰসমূহ তলৰ মহলাত নিৰ্মাণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে৷

    এইবাৰ নিৰ্বাচনত বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম লোক আৰু কোভিড পজিটিভ লোকে যাতে ভোটদান কৰিব পাৰে তাৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে৷ BLO সকলে ঘৰে ঘৰে গৈ তেনে লোক সকলক চিনাক্ত কৰিব৷ ভোটদানৰ বাবে নিৰ্বাচন আয়োগে ১১খন নথিক অনুমোদন দিছে৷ আধাৰ কাৰ্ড,পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফটো থকা পৰিচয় পত্ৰ,পাছপ’ৰ্ট, ফটো থকা বেংকৰ পাছবুক থাকিলে  ভোটদান কৰিব পাৰিব৷

    আয়োগে অসম আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী, আয়কৰ বিভাগ লগতে অন্যান্য চোৰাংচোৱা সন্থাৰ লগতো বৈঠকত মিলিত হয়৷ নিৰ্বাচনত ৰাজনৈতিক দলে কৰা খৰচৰ ওপৰত নজৰ ৰখাৰ বাবে বিশেষ অবজাৰ্ভাৰ দিব৷ ৰাজনৈতিক দলসমূহে ৰেলী কৰিব পাৰিব৷ জিলা নিৰ্বাচনী বিষয়াই চিনাক্ত কৰি দিব খেলপথাৰ য’ত কোভিড প্ৰটকল মানি ৰাজহুৱা সভা পাতিব পাৰিব৷ নিৰ্বাচনত যাতে চৰকাৰী সামগ্ৰী বা বিষয়াক ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰখাৰ বাবে ব্যৱস্থা কৰা হ’ব৷

    এইবাৰ নিৰ্বাচন আয়োগে ছচিয়েল মিডিয়াৰ ওপৰতো নজৰ ৰখাৰ ব্যৱস্থা ল’ব৷ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সংবাদমেলত বিধানসভা নিৰ্বাচনৰ বাবে টীম অসম সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে৷
    Published by:Sanjay Kumar Das
    First published: