• Home
  • »
  • News
  • »
  • assam
  • »
  • KALIABOR : কলিয়াবৰৰ 'নাম-কামাখ্যা' গাঁৱৰ পৰা কামাখ্যা দেৱালয় সংযোগী বিশেষ পথছোৱাই দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে

KALIABOR : কলিয়াবৰৰ 'নাম-কামাখ্যা' গাঁৱৰ পৰা কামাখ্যা দেৱালয় সংযোগী বিশেষ পথছোৱাই দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে

NEWS18 ASSAM AND DIBAKAR DAS 

NEWS18 ASSAM AND DIBAKAR DAS 

NEWS18 ASSAM AND DIBAKAR DAS 

  • Share this:
কলিয়াবৰৰ এটি বিশেষ পথৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰে ভৰপূৰ চাহ গছৰ মাজেৰে যোৱা পথাচাৰীৰ হৃদয় জুৰোৱা এছোৱা বিশেষ পথ।
পাহাৰৰ লুংলুঙীয়া একা-বেঁকা পথেৰে শিলঘাটৰ কামাখ্যা পাহাৰৰ কামকূট শৃংগতেই আছে অসমৰ দ্বিতীয় শক্তিপীঠখ্যাত কামাখ্যা দেৱালয়।

কলিয়াবৰৰ 'নাম-কামাখ্যা' গাঁৱৰ পৰা কামাখ্যা দেৱালয় সংযোগী এই বিশেষ পথছোৱাই দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে। পূৰ্বতে অটব্য হাবিৰে আৱৰি থকা এই লুংলুঙীয়া পথচোৱা মন্দিৰলৈ অহা-যোৱাৰ বাবে পুৰোহিতসকলে ব্যৱহাৰ কৰিছিল।

কলিয়াবৰৰ কামাখ্যা গাঁৱৰ পৰা শ্ৰীশ্ৰী কামাখ্যা দেৱালয় সংযোগী এই বিশেষ পথচোৱাই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমীৰ মাজত।  এই পথেৰে যদি আপুনি শিলঘাট কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহে,¸তেন্তে আপুনি বিচাৰি পাব প্ৰকৃতিৰ অনাবিল সুখ-শান্তি।

ৰাজ্য চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে সৌন্দৰ্যবৰ্ধন কৰা এই বিশেষ পথছোৱা। এই বিশেষ পথছোৱাক কেন্দ্ৰ কৰি কলিয়াবৰৰ শিলঘাটত থকা অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয় ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠাৰ থল আছে।

অষ্টম-নৱম শতিকাত পাল বংশীয় ৰজা বনমালদেৱে শিলঘাটত ৰাজত্ব কৰিছিল। শোণিতপুৰৰ কিছু পূবত ৰাজধানী স্থাপন কৰাৰ বাবে নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়লৈ দূৰত্ব বেছি হোৱাৰ কাৰণে শিলঘাটৰ কামকূট পাহাৰত  স্থাপন কৰে দ্বিতীয় শক্তিপীঠখ্যাত এই কামাখ্যা দেৱালয়।

কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগত ধ্বংসপ্ৰাপ্ত হয় শিলৰে নিৰ্মিত এই দেৱালয়খনি। পৰৱৰ্তী সময়ত আহোম ৰাজত্বকালত ১৬৬৭ শকত স্বৰ্গদেউ প্ৰমত্ত সিংহই পুনৰ স্থাপন কৰে এই কামাখ্যা দেৱালয়। তেতিয়াৰে পূজা-অৰ্চনা চলি আহিছে এই দেৱালয়ত।

প্ৰবাদ মতে, দেৱশিল্পী বিশ্বকৰ্মাৰ  দ্বাৰা নিৰ্মিত হৈছিল নীলাচল পাহাৰৰ কামাখ্যা দেৱালয়ৰ মূল মূৰ্তিভাগ। কালিকা পুৰাণৰ প্ৰবাদ অনুসৰি শিলঘাটৰ কামকূট পাহাৰত মহাদেৱ আৰু দেৱী কামাখ্যাৰ মিলন হৈছিল। সেয়েহে অষ্টম-নৱম শতিকাত মা-কামাখ্যাৰ মূল মূৰ্তিভাগ নীলাচলৰ পৰা শিলঘাটলৈ স্থানান্তৰ কৰা হৈছিল।

বছৰি কালী পূজা, বাসন্তী পূজা আৰু দুৰ্গোৎসৱৰ লগতে প্ৰতিদিনে পূজা-অৰ্চনা অনুষ্ঠিত হৈ আহিছে শিলঘাটৰ এই কামাখ্যা দেৱালয়ত। তাৎপৰ্যপূৰ্ণ যে¸অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়¸ অনাগত দিনত এই মন্দিৰটোক এক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবৰ বাবে আছে পৰ্যাপ্ত সমল।
Published by:Gautam Barman
First published: