সুন্দৰকৈ সজোৱাৰ উপৰি কোঠাটোৰ বাহিৰক নিয়োগ কৰা হৈছে মহিলা নিৰাপত্তাৰক্ষী৷ AC লগোৱা হৈছে কোঠাটোত৷
আজাৰা থানাৰ চৌহদত আটক ধুনীয়াকৈ সজোৱা হৈছে এটা কোঠা৷ শিশুৰ খাদ্যৰ পৰা শিশুৰ খেলৰ প্ৰতিবিধ সামগ্ৰী উপলব্ধ কোঠাটোত৷ কোঠাটোত সুন্দৰকৈ সজাই থোৱা আছে এখন বিছনা৷ বিছনাখনত সুন্দৰকৈ ৰখা হৈছে পুতলা৷ কোঠাটোৰ চৌদিশে ৰখা হৈছে শিশুৱে খেলি ভাল পোৱা বিভিন্ন খেলৰ সামগ্ৰী৷ ৰখা হৈছে শিশুৱে খাই ভাল পোৱা বিভিন্ন প্ৰকাৰৰ শিশু খাদ্যও৷ পিছে আপুনি চাগে ভাবিছে কিহৰ বা়বে থানা চৌহদত এই আয়োজন৷ প্ৰকৃততে আচামীক ৰখাৰ বাবেহে সজোৱা হৈছে কোঠাটো৷
JEE কেলেংকাৰীৰ অন্যতম সহযোগী কাকলি বুজৰবৰুৱাক ৰখাৰ বাবে এনেদৰে থানা চৌহদত সজোৱা হ’ল কোঠাটো৷ কাৰণ কাকলিৰ ৮ মহীয়া শিশুটিৰ বাবে এতিয়া কাকলিয়ে লকআপৰ পৰিৱৰ্তে আছে এই বিশেষ কোঠাটোত৷ নিষ্পাপ শিশুটিয়ে যেন মাতৃদুগ্ধৰ পৰা বঞ্চিত নহয় তাৰ বাবে মৈএী আঁচনিৰ জৰিয়তে আৰক্ষীয়ে ল’লে এই বিশেষ পদক্ষেপ৷
সুন্দৰকৈ সজোৱাৰ উপৰি কোঠাটোৰ বাহিৰক নিয়োগ কৰা হৈছে মহিলা নিৰাপত্তাৰক্ষী৷ AC লগোৱা হৈছে কোঠাটোত৷ বাহিৰৰ পৰা নেদেখিবৰ বাবে চৌপাশ আৱৰা হৈছে কোঠাটোৰ৷ মহিলা আচামী হিচাপে শিশুটিৰ বাবেই এই আঁচনিৰ প্ৰথম সুবিধা লাভ কৰিলে কাকলি বুুজৰবৰুৱাই ৷ যি সময়ত কাৰাগাৰৰ বন্ধ কুঠৰীত JEE কেলেংকাৰীৰ আনসকল অভিযুক্তই দিন কটাইছে, সেই সময়ত নিষ্পাপ শিশুটিৰ বাবে এতিয়া এই সুবিধা লাভ কৰিছে অন্যতম অভিযুক্ত কাকলি বুজৰবৰুৱাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|