গুৱাহাটী মহানগৰীত বাহৰ পাতিছে সুদূৰ জাৰ্মানীৰ পৰা অহা এটা গৱেষকৰ দলে। মহাবাহু ব্ৰহ্মপুত্ৰৰ (Mahabahu Brahmaputra) পানীৰ ওপৰত বিশেষ গৱেষণা কৰাৰ উদ্দেশ্যে গুৱাহাটীলৈ (Guwahati city) আগমন ঘটিছে দলটোৰ। জানিব পৰা মতে, কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনীয়াৰিং কলেজ (Engineering College in Kokrajhar)ৰ সহযোগত দলটোৱে কৰিছে লুইতৰ পানীৰ পৰীক্ষণ।
ব্ৰহ্মপুত্ৰৰ পানী বিশুদ্ধ কৰি কিদৰে ৰাইজক কম খৰচত যোগান ধৰিব পাৰি সেই উদ্দেশ্যে গৱেষণা আৰম্ভ কৰিছে দলটোৱে। উল্লেখ্য যে জাৰ্মান গৱেষক (German researcher), অধ্যাপক কানিলীয়া চাণ্ডুৰ সৈতে অহা জাৰ্মানীৰ আন এজন গৱেষকে লুইতৰ পানী পৰীক্ষণৰ অন্তত এক প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগক।
এই প্ৰতিবেদনত চৰকাৰে সন্তুষ্টি প্ৰকাশ কৰিলেই ৰাইজে সুলভ মূল্যত বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে। ইতিমধ্যে তেওঁলোকে দিল্লী, উত্তৰাখণ্ডত সফলভাৱে এই প্ৰকল্প সমাপ্ত কৰিছে বুলি জানিব পৰা গৈছে।আনহাতে, অসমৰ সমান্তৰালকৈ পশ্চিমবংগটো জাৰ্মানীৰ আন এটা দলে গৱেষণা অব্যাহত ৰখা বুলি তেওঁলোকে জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।