• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউ জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত কোৱাৰেণ্টাইনৰ বিশেষ ব্যৱস্থা

চৰাইদেউ জিলাৰ চাহ বাগিচা অধ্যুষিত অঞ্চলত কোৱাৰেণ্টাইনৰ বিশেষ ব্যৱস্থা

এই ব্যৱস্থা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে গ্ৰহণ কৰা হ'ব।

এই ব্যৱস্থা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে গ্ৰহণ কৰা হ'ব।

এই ব্যৱস্থা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে গ্ৰহণ কৰা হ'ব।

  • Share this:
সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাতো বহিঃৰাজ্যৰ পৰা ঘূৰি অহা লোকসকলৰ বাবে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। এই‌ক্ষেত্ৰত চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চললৈ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পৰা কোভিড–১৯ নিগেটিভ ৰিজাল্টসহ ঘূৰি অহা লোকসকলৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে এক বিশেষ ব্যৱস্থা হাতত লৈছে।

এই উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সভাপতিত্বত চাহ বাগিচাৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি সকলৰ লগত এক আলোচনা অনুস্থিত হৈ যায়। চাহ বাগিচা অঞ্চলত যিহেতু জনবসতিৰ ঘনত্ব বেছি আৰু বহুক্ষেত্ৰত বাসগৃহসমূহ লগালগিকৈ অৱস্থিত, সেয়েহে উক্ত অঞ্চলত হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে এক বিশেষ নিৰ্দিষ্ট স্থানত কোৱাৰেণ্টাইন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে এই ব্যৱস্থা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে গ্ৰহণ কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটছা, আছা আদি সংগঠনসমূহক সহযোগিতা কৰি বাগিচাসমূহত সজাগতা বৃদ্ধি কৰিবলৈ সাংসদ তপন কুমাৰ গগৈয়ে আহ্বান জনায়।
ইয়াৰ উপৰি, উক্ত স্থান জনসমাগমৰ পৰা দূৰৈত হোৱাটো বাঞ্চনীয় বুলি সাংসদ গগৈয়ে মন্তব্য কৰে।

সভাত উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই ইতিমধ্যেই বাগিচা অঞ্চলত সক্ৰিয় হৈ থকা বাগিচা পৰ্যায়ৰ সমিতিসমূহে এইক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিব লাগে বুলি মত পোষণ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে জিলা প্ৰশাসনৰ ফালৰ পৰা কোৱাৰেনটাইন চেণ্টাৰত আহাৰৰ যোগান ধৰাৰ লগতে উক্ত চেণ্টাৰসমূহৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিয়া হ'ব আৰু কেৱল কোভিড নিগেটিভ লোকসকলকহে এনেধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠোৱা হ'ব।

সাংসদ আৰু উপায়ুক্তৰ উপৰিও উক্ত সভাত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া, সহকাৰী আয়ুক্তদ্বয় ফিলিচ ৰাংচাল, জাহ্নৱী গোস্বামী আৰু আটছা, আছাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
First published: