• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশেষ ৰে'লযোগে মৰিয়নীত উপস্থিত হ'ল বহিঃৰাজ্যৰ পৰা অহা ৩৭জন যাত্ৰী

বিশেষ ৰে'লযোগে মৰিয়নীত উপস্থিত হ'ল বহিঃৰাজ্যৰ পৰা অহা ৩৭জন যাত্ৰী

মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পিছতে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পিছতে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পিছতে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

  • Share this:
উজনিমুৱা দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে'লযোগে মৰিয়নীত  উপস্থিত হয় ৩৭জন যাত্ৰী। বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰৱেশ কৰে বিশেষ ৰে'লখন।  মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ ভিতৰত গোলাঘাটৰ ১৫জন, যোৰহাটৰ ১৯জন, মাজুলীৰ এজন আৰু শিৱসাগৰৰ ২জন।

মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পিছতে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে। যোৰহাটৰ যাত্ৰীসকল বাছযোগে পোনে পোনে কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয়। আনহাতে মৰিয়নী ৰে'ল জংছনত উপস্থিত থাকি যাত্ৰীসকলক আদৰণি জনায় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়ক গৰাকীয়ে বিশেষ ৰে'লখনৰ আগমনক লৈ যঠেষ্ট চিন্তিত হৈ আছিল বুলি প্ৰকাশ কৰি বৰ্তমান ৰে'লখনেৰে মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ মাজত এজনো ৰোগাক্ৰান্ত ৰোগী নথকাত মনতো ভাল লাগিছে বুলি ব্যক্ত কৰে।
First published: