উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ মাজত চামগুৰিৰ আমনিত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ আমনিস্থ বাসগৃহত আজি দিনৰ প্ৰায় ২ বাজি ৩০ মিনিটত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰি কয়, "আমি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ আমন্ত্ৰণ ক্ৰমে ইয়ালৈ আহিছোঁ। উপ-নিৰ্বাচনত থাওৰাক বাদ দি আমি সমষ্টি এৰি দিবলৈ প্ৰস্তুত।"
ইপিনে শ্বেৰমান আলীৰ প্ৰসংগত সাংবাদিকে অখিল গগৈক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "শ্বেৰমান আলী হিমন্তৰ এজেণ্ট বুলি এতিয়া সকলোৱে বুজি পায়। কংগ্ৰেছে এতিয়া এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া তেওঁলোকৰ সিদ্ধান্ত।"
আনহাতে ভৱানীপুৰত ৰাইজৰ দলে কোনো প্ৰস্তুতি চলোৱা নাই বুলি অৱগত কৰি অখিল গগৈয়ে কয়, "মিত্ৰতা হ'লে আমি ৪টা সমষ্টিতে জিকিম।"
ইপিনে অখিল গগৈৰ আগমন সন্দৰ্ভত ৰকিবুল হুছেইনে কয়, "আমি এৰা–ধৰাৰ মাজেৰে আগবাঢ়িব বিচাৰোঁ। অখিল গগৈৰ লগত আলোচনা কৰিবলৈ মোক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দায়িত্ব অৰ্পণ কৰিছে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।