মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Assembly: আজি চৰ্চাত বিধানসভাৰ দুপৰীয়াৰ আহাৰ; মন্ত্ৰী বিধায়কে কি খাব?

Assam Assembly: আজি চৰ্চাত বিধানসভাৰ দুপৰীয়াৰ আহাৰ; মন্ত্ৰী বিধায়কে কি খাব?

খাদ্য সম্ভাৰৰ কথা শুনিলে আপোনাৰো পৰিব জিভাৰ পানী

খাদ্য সম্ভাৰৰ কথা শুনিলে আপোনাৰো পৰিব জিভাৰ পানী

খাদ্য সম্ভাৰৰ কথা শুনিলে আপোনাৰো পৰিব জিভাৰ পানী

  • Share this:
আজি অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে ৷ বাজেট অধিৱেশনৰ দশমটো দিনত বিত্ত মন্ত্ৰী অজন্তা নেওগে সতীৰ্থ মন্ত্ৰী বিধায়কক এসাজ আহাৰ খুৱাবৰ বাবে আয়োজন কৰিছে। খাদ্য সম্ভাৰৰ তালিকাখনত কাকদঙাৰ মাছৰ পৰা বাগানপাৰাৰ পঠা ছাগলীলৈকে সকলো আছে ৷ নাম শুনিলেই খাবলৈ মন যোৱা ব্যঞ্জন সাজু হৈছে ৷

তালিকাত থকা খাদ্য সম্ভাৰৰ নামবোৰ বৰ লোভনীয় ৷ খাদ্য সম্ভাৰত আছে আঘোনৰ পথাৰৰ সোণোৱালী জহা ধানৰ গৰম গৰম ভাত ৷ মুখত দিলেই পেটলৈ দৌৰ মৰা মাটি মাহৰ দাইল ৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি প্ৰটিন যুক্ত কীৰ্তন দাইল ৷  কলপাতত বান্ধি ভাপত দিয়া  ব্ৰহ্মপুত্ৰ নদীৰ পাহোৱাল আৰি মাছ ৷ ফাগুনী পচোৱাই পকাই যোৱা ঔটেঙাৰ লগত কাকদঙা নদীৰ লিহিৰীপটীয়া ৰৌ মাছ ৷ দেখিলেই ৰ'ব নোৱাৰা সোৱাদযুক্ত ধানৰ পোলাও ৷ অসমীয়া ব্যঞ্জন পদ্ধতিত বাগানপাৰাৰ পঠা ছাগলী ৷ গোল গোলকৈ পেটলৈ নগ'লেও একেবাৰে গোলক সদৃশ ৰুটি ৷ বিধায়ক মানৱ ডেকাৰ ভাষাত গাখীৰ চবজি ৷ অসমীয়া খিলঞ্জীয়া কৃষকৰ উৎপাদিত পাচলীৰে ভাজি ৷ মালৌপথাৰৰ তেলাল হাঁহ কোমোৰাৰ সৈতে ৷ কিচকিচিয়া ক'লা তিলৰ চাটনি ৷ লখিমপুৰৰ ৰঙানদীৰ সৰু মাছৰ ভাজি ৷ ঘৰতে মাটিৰ পাত্ৰত মৰমেৰে তৈয়াৰ কৰা দৈ ৷ নাখাওঁ বুলি ভবা সকলৰো খাঁও খাঁও লগাকৈ দিয়া হৈছে নামবোৰ ৷  প্ৰতিটো খাদ্য সম্ভাৰত লগাবলৈ ঠিক কৰা হৈছে এইসমূহ টেগ লাইন ৷ টেগ লাইনবোৰ প্ৰণামিকা হালৈয়ে লিখিছে ৷ প্ৰণামিকাই চলাই বিধানসভা চৌহদৰ কেণ্টিন ৷ প্ৰণামিকাই  ক’লে ‘‘ৰেষ্টুৰেণ্টবোৰত বৰ চমকপ্ৰদ নাম কিছুমান দিয়ে ৷ টেগ লাইনবোৰ পঢ়িলেই আকৰ্ষিত হোৱা যায় ৷ ময়ো সেয়ে এই নামবোৰ দিছোঁ ৷ বস্তুবোৰো তেনেকৈয়ে জোগাৰ কৰা হৈছে ৷’’

সঁচাকৈয়ে সময় এতিয়া চমকৰ ৷ সময় এতিয়া মাৰ্কেটিঙৰ ৷ মাৰ্কেটিং কৰিব পৰাৰ ওপৰতে জোৰ ৷ বিধানসভাত আন দিনবোৰতো আহাৰৰ ব্যৱস্থা থাকে যদিও আনদিনাৰ খাদ্য সম্ভাৰত নাছিল এনে উদ্ভাৱনী টেগ লাইন ৷ সেয়ে আজি চৰ্চাত বিধানসভাৰ দুপৰীয়াৰ আহাৰ ৷

শেহতীয়া বাতৰি