• Home
  • »
  • News
  • »
  • assam
  • »
  • SIT Team at Mangaldoi : ধূলাৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নামিল বিশেষ তদন্তকাৰী গোট, SSBৰ জোৱান  কৃষ্ণ কমল বৰুৱাৰ ঘৰত হৈছিল মৃত্যু

SIT Team at Mangaldoi : ধূলাৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নামিল বিশেষ তদন্তকাৰী গোট, SSBৰ জোৱান  কৃষ্ণ কমল বৰুৱাৰ ঘৰত হৈছিল মৃত্যু

কিশোৰীগৰাকীক SSBৰ জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে ৷

কিশোৰীগৰাকীক SSBৰ জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে ৷

কিশোৰীগৰাকীক SSBৰ জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে ৷

  • Share this:
মঙলদৈৰ ধূলাত আৰতি তুৰি নামৰ তেৰ বছৰীয়া কিশোৰীগৰাকীৰ  মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় বিশেষ তদন্তকাৰী গোট  (SIT Team )। যোৱা ১১ জুনত SSBৰ জোৱান  কৃষ্ণ কমল বৰুৱাৰ ঘৰত মৃত্যু হৈছিল  আদিবাসী কিশোৰীগৰাকীৰ ৷

প্ৰায় এবছৰ ধৰি বন কৰা ছোৱালী ৰূপে কৰ্মৰত আছিল কিশোৰীগৰাকী। SSB জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলিছিল পৰিয়ালৰ লোকে ৷ ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ ঘটনাৰ সঠিক তদন্ত নকৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন , ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু  ধূলা থানাৰ তদন্তকাৰী বিষয়া আনোৱাৰ হুছেইনক নিলম্বন কৰিছিল৷

লগতে অসম চৰকাৰে এখন ৫ জনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়ে ৷ আজি প্ৰথমে দলটোৱে ঢেকীয়াজুলিৰ কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি, VDP সৈতে প্ৰায় দুই ঘণ্টা সোধা–পোছা কৰে। আৰু তদন্তৰ কাৰণে দুৰ্ভগীয়া পৰিয়ালটোক দৰঙলৈ মাতি পঠিয়ায়।

তাৰ পিছতেই প্ৰথমে মঙলদৈ পুলিচ অতিথিশালত উপস্থিত হৈ তথ্যসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে। আৰু ইয়াৰ পিছতেই ধূলাত ৰহস্যজনকভাবে মৃত্যু হোৱা স্থান পৰিদর্শন কৰে দলটোৱে। লগতে ভাড়া দিয়া পৰিয়ালৰ লগতে ওচৰ–চুবুৰীয়াকো সোধা–পোছা কৰে।

আজি তদন্তৰ বাবে মঙলদৈত উপস্থিত হয় দলটো। উপস্থিত হোৱা SIT কমিটিৰ IGP ( CID) দেৱৰাজ উপাধ্যায়ৰ নেতৃত্বত ইন্দ্ৰাণী বৰুৱা DIGP ( CID ), কল্যাণ ফুকন SP (CID), আৰিফুল হক Inspector (CID ) আৰু খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। 

সাংবাদিকৰ আগত দলৰ দেৱৰাজ উপাধ্যায়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উক্ত বিষয়টোৰ গুৰুত্বসহকাৰে তদন্ত কৰা হৈছে। 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি