কোভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অনুষ্ঠিত নহ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা। তাৰ পৰিৱৰ্তে বিকল্প পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ল মূল্যায়ন। কিন্তু যিসকলে এই মূল্যায়নক লৈ অসন্তুষ্ট তেওঁলোকৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰাণোজ পেগুৱে। সেই অনুসৰি পৰিৱেশ কিছু ভাল হোৱাৰ বাবে অহা ১ অক্টোবৰৰ পৰা হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।
দুৰ্গা পূজাৰ প্ৰাকক্ষণলৈ অৰ্থাৎ ১১ অক্টোবৰলৈ চলিব এই পৰীক্ষা। পূৰ্বৰ দৰে তিনি ঘণ্টা নহয়, দুঘণ্টাহে অনুষ্ঠিত হ’ব পৰীক্ষা। এই পৰীক্ষাত ৰাজ্যত মুঠ ৩০২টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ২২,৮১০জন পৰীক্ষাৰ্থী। আনহাতে মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ’ব কেৱল ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী, চেণ্টাৰ হৈছে ২৩টা।
পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই। যিসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পৰীক্ষাৰ মাৰ্কশ্বীট, মূল্যায়ন পদ্ধতিৰ মাৰ্কশ্বীট প্ৰযোজ্যন হ’ব। কিন্তু এই পৰীক্ষাত ৰেংক বা স্থান থাকিবনে নাই, সেয়া এতিয়ালৈ স্পষ্ট কৰা নাই ছেবাই। পূৰ্বৰ দৰে সকলো কেন্দ্ৰত থাকিব চিচিটিভিৰ ব্যৱস্থাৰ লগতে ফ্লায়িং স্কোৱাড।
উল্লেখযোগ্য যে, ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলত এইবাৰ ছেবাৰ অভিলেখ সংখ্যক চাৰি লাখৰো অধিক পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। নতুনকৈ হ’বলগীয়া বিশেষ পৰীক্ষাৰ ফলাফল অতি কম দিনৰ ভিতৰতে ঘোষণা কৰিব ছেবাই।