• Home
  • »
  • News
  • »
  • assam
  • »
  • অভিলেখ! কিলোগ্ৰামত ৭৫,০০০ হাজাৰ টকাত নীলাম হ’ল ডিব্ৰুগড়ৰ বিশেষ গ্ৰেডৰ চাহ

অভিলেখ! কিলোগ্ৰামত ৭৫,০০০ হাজাৰ টকাত নীলাম হ’ল ডিব্ৰুগড়ৰ বিশেষ গ্ৰেডৰ চাহ

ফাইল ফটো

ফাইল ফটো

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ বিশেষ চাহ গুৱাহাটীৰ চাহ নীলাম কেন্দ্ৰত নীলাম হয়।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু লকডাউনৰ মাজতে অসমৰ চাহ উদ্যোগৰ কাৰণে ভাল খবৰ আনিছে। যথেষ্ট সময় স্থবিৰ হৈ থকাৰ পিছত চাহ উদ্যোগৰ কাৰণে অলপ ভাল দিন আহিছে। বিভিন্ন কাৰকে এইক্ষেত্ৰত সহায় কৰিছে।

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ গল্ড গ্ৰেড চাহে অভিলেখ সৃষ্টি কৰি বিপুল পৰিমাণৰ ধনৰ বিনিময়ত নীলাম হয়।  প্ৰতি কিলোগ্ৰামত ৭৫,০০০ টকাত নীলাম হয় এই বিশেষ চাহ। গুৱাহাটী স্থিত চাহ ট্ৰেডাৰ বিষ্ণু টি কোম্পানীয়ে এই চাহ ক্ৰয় কৰে। সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে কোম্পানীটোৱে এই বিশেষ চাহ ডিজিটেল ই–কমাৰ্চ ৱেবছাইটৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰিব।

"এইটো এটা ডাঙৰ সাফল্য । মনোহাৰী চাহ বাগিচাই এই বিশেষ চাহ যোৱা ছেপ্তেম্বৰ মাহত বিশেষ প্ৰয়াসেৰে উত্‍পাদনৰ চেষ্টা কৰে আৰু GTACলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে।", দীনেশ বিহানী, ছেক্ৰেটাৰী,  (GTABA)–এ  PTIৰ আগত প্ৰকাশ কৰে।

যোৱা বছৰ একে ব্ৰেণ্ডৰ চাহ প্ৰতি কিলোগ্ৰামত ৫০,০০০টকাত বিক্ৰী হৈছিল। ইয়াৰ ওপৰিউ ডিকম চাহ বাগিচাৰ গল্ডেন বাটাৰফ্লাই চাহ প্ৰতি কিলোগ্ৰাম ৭৫,০০০টকাত নীলাম হৈছিল।
First published: