কাজিৰঙাত পৰম্পৰাগত গণেশ পূজা, সেৱা কৰা হ’ল মোহন, গদাপানী, ৰুক্মিণীহঁতক...

News18 Assam | News18-Assam
Updated:January 28, 2020, 7:47 PM IST
কাজিৰঙাত পৰম্পৰাগত গণেশ পূজা, সেৱা কৰা হ’ল মোহন, গদাপানী, ৰুক্মিণীহঁতক...

  • Share this:
আজি বিঘ্নহৰ্তা গণেশ দেৱতাৰ পূজা ৷ গণেশ দেৱতাৰ জীৱন্ত ৰূপ গণ্য কৰা হাতীক পূজা বনবিভাগৰ। উল্লেখ্য যে, এই বিশেষ দিনটোত কাজিৰঙাত বন বিভাগে পৰম্পৰাগতভাবে পালন কৰি আহিছে গণেশ দেৱতাৰ পূজা ৷ এই উপলক্ষে কাজিৰঙাৰ পিলখানাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী সমূহক সজাই পৰাই পূজাৰ বাবে সাজু কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যান হাতীৰ লগত জড়িত বনকৰ্মী সকলৰ বিশ্বাস হস্তী পূজাই তেওঁলোকৰ লগত হাতীৰ সম্পৰ্ক মধুৰ কৰি তোলে । আনহাতে এই পূজাৰ মাধ্যমত কাজিৰঙাৰ সুৰক্ষাৰ বাবেও বনকৰ্মী সকলৰ মনোবল বৃদ্ধি কৰে বুলিও বিশ্বাস কৰে বনকৰ্মী সকলে ৷ উল্লেখ যে, ৫০ জন স্থায়ী আৰু অস্থায়ী বনকৰ্মীৰ তত্বাৱধানত মোহন, চেৰমান, গদাপানী, ফুলন দেবী,সম্ৰাট,জয়ৰাজ নামৰ হাতীকে ধৰি ৫৭ টা হাতীয়ে ৰাষ্ট্ৰীয় উদ্যান খনত সেৱা আগবঢ়াই আহিছে। ইয়াৰে কহঁৰা বনাঞ্চলত থকা ২৫ টা হাতীৰ ভিতৰত ৰুক্মিণী, লক্ষীমাই, প্ৰদুণ্য,পৱন, বৰষা আদিকে ধৰি প্ৰায় ১২ টা বিভাগীয় হাতীয়ে পৰ্যটকৰ বাবে হাতী ছাফাৰীৰে সেৱা আগবঢ়াই অহাৰ লগতে বাৰিষা পালন কৰি আহিছে ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দায়িত্ব।

হস্তী–মানুহৰ সম্পৰ্কৰ মধুৰতা আৰু মানুহৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰি পালন কৰা হয় এই বিশেষ গণেশ পূজা।
আৰু চাওক
পৰৱৰ্তী বাতৰি