• Home
  • »
  • News
  • »
  • assam
  • »
  • মানুহজনে চকুৰে নেদেখে, তথাপিও কৰি গৈছে জীৱন যুদ্ধ, কাৰোৰে ওচৰত হাত নাপাতি, চলাই নিছে ৮জনীয়া পৰিয়াল

মানুহজনে চকুৰে নেদেখে, তথাপিও কৰি গৈছে জীৱন যুদ্ধ, কাৰোৰে ওচৰত হাত নাপাতি, চলাই নিছে ৮জনীয়া পৰিয়াল

শাৰীৰিক বাধাগ্ৰস্ততাই দিব্যাংগ এগৰাকীৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত কোনো কাৰণতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে সেয়া প্ৰমাণিত কৰিছে সোণাৰিৰ মিন্টু গগৈ নামৰ লোকজনে।

  • Share this:
শাৰীৰিক বাধাগ্ৰস্ততা  কেতিয়াও এগৰাকী ব্যক্তিৰ জীৱিকা নিৰ্বাহৰ হেঙাৰ হ’ব নোৱাৰে সেই কথাই যেন প্ৰমাণিত কৰিছে সোণাৰিৰ মিন্টু গগৈ নামৰ লোকজনে। চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ সমীপৱৰ্তী বৰাহী কছাৰী গাঁৱৰ বাসিন্দা জন্মান্ধ এই ব্যক্তি গৰাকীয়ে যিদৰে নিজৰ আঠ জনীয়া পৰিয়ালটো পোহপাল দি আহিবলৈ সক্ষম হৈছে সেয়া নিসন্দেহে আন বহুজনৰ বাবে এক অনুপ্ৰেৰণা।

চাৰি কন্যাসহ এটি কণমাণি পুত্র সন্তানৰ পিতৃগৰাকীৰ পৰিয়ালত বৃদ্ধা মাতৃ আৰু পত্নী আছে। যিটো সময়ত আমাৰ সমাজত বহু অভাৱী পৰিয়ালৰ দিব্যাংগই জীৱন নিৰ্বাহৰ বাবে আজিও ভিক্ষা বৃত্তিক জীৱন নিৰ্বাহৰ সম্বল কৰি জীৱন যাপন কৰি আহিছে সেই সময়ত সোণাৰিৰ এই জন্মান্ধ লোকজনে নিজৰ শাৰীৰিক অক্ষমতাক তুচ্ছ জ্ঞান কৰি কন্যা কেইগৰাকীৰ সহযোগত পৰিয়ালৰ জীৱন নিৰ্বাহৰ বাবে স্ব-উপাৰ্জনত নিৰৱিচ্ছিন্ন ৰূপত ব্ৰতী হৈ এক অনুকৰণীয় আৰ্হি দাঙি ধৰিছে।

জন্মান্ধ লোকজনে প্ৰতিদিনে নিচেই পুৱাতে নিজৰ গাঁৱৰ লোক সকলৰ ঘৰে ঘৰে ঘূৰি বজাৰত বিক্ৰীৰ বাবে উপযুক্ত বিভিন্ন শাক পাচলি আৰু অন্যান্য খাদ্য সামগ্ৰী উচিত মূল্যত ক্ৰয় কৰি লয়। তাৰ পিছতে লোকজনে যিকোনো এগৰাকী কন্যাৰ সহযোগত গাঁৱৰ পৰা প্ৰায় ৮/১০ কিলোমিটাৰ বাট খোজকাঢ়ি শাক পাচলি, খাদ্য সামগ্ৰী কঢ়িয়াই লৈ আনে সোণাৰি নগৰলৈ।

আৰু সোণাৰিতে এখন শাক-পাচলি দোকান দি কাৰোৰে ওচৰত হাত নপতাকৈ সুন্দৰকৈ চলাই নিছে পৰিয়ালটো।
First published: