ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে বি.টি.আৰ. চৰকাৰে হাতত ল'লে এক বিশেষ পদক্ষেপ। UPSCৰ ক'চিঙৰ সুবিধাৰ্থে শুভাৰম্ভণি কৰিলে 'CEM'S SUPER 50' নামৰ আঁচনিৰ।
এই আঁচনিৰ জৰিয়তে আবেদনৰ ভিত্তিত চলিত বৰ্ষৰ বাবে নিৰ্বাচিত ৫ জিলাৰ ৫০ জনকৈ শিক্ষাৰ্থীলৈ বি.টি.আৰ. চৰকাৰে UPSCৰ ক'চিঙৰ সুবিধা আগবঢ়াইছে। জানিব পৰা মতে, নিৰ্বাচিত শিক্ষাৰ্থীসকলক দিল্লীৰ চাণক্য একাডেমীত ক'চিং তথা সেই সময়ছোৱাত তেওঁলোকৰ থকা-খোৱাৰ সকলো খৰচ বি.টি.আৰ. চৰকাৰে বহন কৰিব।
আজি বিয়লি জালুকবাৰীস্থিত হোটেল ৰেডিছন ব্লুত আয়োজিত এক বিশেষ অনুষ্ঠানেৰে বি.টি.আৰ. চৰকাৰে শিক্ষাৰ্থীসকলক দিল্লীলৈ প্ৰেৰণ কৰে। আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে বি.টি.আৰ.ৰ মুৰব্বী প্ৰমোদ বড়ো, অসম চৰকাৰৰ SDGP জি পি সিং, মন্ত্ৰী ইউ জি ব্ৰহ্ম।
তেওঁলোকৰ উপৰি বি.টি.আৰ.ৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীসহ আন কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে। মন কৰিবলগীয়া যে, নিৰ্বাচিত শিক্ষাৰ্থীসকলক UPSC পৰীক্ষাৰ বাবে মনোবল বৃদ্ধিৰ বাবে জি পি সিঙে কেতবোৰ গুৰুত্বপূৰ্ণ উপদেশ প্ৰদান কৰে। ইয়ৰোপৰি বি.টি.আৰ.ৰ মুৰব্বী প্ৰমোদ বড়োৱে নিজৰ ভাষণ প্ৰসংগত আগবঢ়ায় সফলতাৰ বিভিন্ন টিপছ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|