உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid Vaccine Special Drive : আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান, সকলো লোককে প্ৰথম পালি ভেকচিন সম্পূৰ্ণ কৰাৰ লক্ষ্য

    Covid Vaccine Special Drive : আজিৰে পৰা ৰাজ্যত চলিব কোভিড ভেকচিনৰ বিশেষ অভিযান, সকলো লোককে প্ৰথম পালি ভেকচিন সম্পূৰ্ণ কৰাৰ লক্ষ্য

    Covid Vaccine Special Drive : অসমত প্ৰায় ২ কোটি ১০ লাখ ভেকচিন যোগ্য লোক আছে। স্বাস্থ্য বিভাগৰ তথ্য মতে ইতিমধ্যে ২ কোটি ৯ লাখ লোকে প্ৰথম পালি ভেকচিন লৈছে আৰু প্ৰায় ১ কোটি ১৫ লাখ লোকে দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।

    • Share this:
    অসমত প্ৰতিজন লোককে কোৰোণাৰ প্ৰথম পালি ভেকচিন (Covid Vaccine) প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ আজিৰে পৰা সমগ্ৰ ৰাজ্যত চলিব বিশেষ ভেকচিন অভিযান(Covid Vaccine Special Drive)। আগন্তুক ৫ ডিচেম্বৰৰ ভিতৰত যোগ্য সকলো লোককেই ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে।  ইয়াৰ বাবে চৰকাৰে ৩৩,৫৩০টা ভোটকেন্দ্ৰ অধীনৰ থকা প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ তেওঁলোকৰ উপযুক্ত লোকসকলে ভেকচিন লৈছে নে নাই সেয়া পৰীক্ষা কৰিব আৰু কোনোবা ভেকচিন নোলোৱা লোক থাকিলে তেওঁক ওচৰৰ ভোটকেন্দ্ৰতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব।

    উল্লেখ্য যে অসমত প্ৰায় ২ কোটি ১০ লাখ ভেকচিন যোগ্য লোক আছে। স্বাস্থ্য বিভাগৰ তথ্য মতে ইতিমধ্যে ২ কোটি ৯ লাখ লোকে প্ৰথম পালি ভেকচিন লৈছে আৰু প্ৰায় ১ কোটি ১৫ লাখ লোকে দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।

    ৰাজ্যখনত যাতে ১০০ শতাংশ লোকে কোৰোণা ভেকচিন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই অলপতে টুইটযোগে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ভেকচিন অভিযানৰ কথা উল্লেখ কৰিছিল। তেওঁ কয় যে সকলো লোকে যাতে ভেকচিন লয় সেয়া সুনিশ্চিত কৰিবলৈ মিছন মুডত ভেকচিন অভিযান চলাব লাগিব।

    একেসময়তে সকলো লোকে দ্বিতীয় পালি ভেকচিনো লয় তাৰ বাবে ব্যৱস্থা ল'বলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। স্বাস্থ্যমন্ত্ৰীৰ লগতে, ৰাজ্যৰ মুখ্য সচিব, সকলো মন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীসকলকো এই দিশত প্ৰশাসনক সহযোগ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। #Covid Vaccination Completion campaign" সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: