আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমীয়া চলচ্চিত্ৰ 'বেলকনিত ভগৱান'। ২২সংখ্যক ৰেইনবো লণ্ডন ফিল্ম ফেষ্টিভেলত সন্মানিত হয় অসমীয়া চলচ্চিত্ৰ ‘বেলকনিত ভগৱান’। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রযোজক নুৰুল চুলতানে প্রযোজনা কৰা আৰু সুখ্যাত পৰিচালক বিশ্বজিত বৰাৰ দ্বাৰা পৰিচালিত বেলকনিত ভগৱান ছবিয়ে ৰেইনবো লণ্ডন ফিল্ম ফেষ্টিভেলত বিচাৰক মণ্ডলীৰ "বিশেষ বঁটা" অৰ্জন কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য, লণ্ডনৰ ৰিচ মিক্স চেণ্টাৰত ৪ জুলাইৰ পৰা ১১ জুলাইলৈ এই চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল। ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে মুম্বাইৰ প্রতিষ্ঠিত অভিনেতা হৰিশ খান্না, প্রণামী বৰা, অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, পৱিত্র বৰুৱা, যতীন খনিকৰ, পৰিনান্ধী জিমা চুলতানা, শোণিত বৰা আদিয়ে।
আনহাতে ছবিখনত বিশেষ চৰিত্রত জ্যেষ্ঠ অভিনেতা দীনেশ দাস, অধিবক্তা বিজন মহাজন আৰু কৃষিমন্ত্রী অতুল বৰা আদিয়েও অভিনয় কৰিছে৷ উল্লেখ্য, বেলকনিত ভগৱান কথাছবিয়ে ইয়াৰ আগেও ৰাষ্ট্ৰীয়–আন্তৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|