বনমন্ত্ৰীৰ উপস্থিতিত 'অৰ্জুনঃ The Hero of Forest’ চলচিত্ৰৰ প্ৰিমিয়াৰ শ্ব’ মুকলি, বন্যপ্ৰাণীৰ সংগ্ৰাম আৰু বনাঞ্চল ধংসক লৈ নিৰ্মিত ছবিক প্ৰশংসা

তথ্যচিত্ৰখনৰ ৰচনা আৰু পৰিচালনা ৰজনী বৰ্মনৰ। প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে।
তথ্যচিত্ৰখনৰ ৰচনা আৰু পৰিচালনা ৰজনী বৰ্মনৰ। প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে।
- News18 Assam
- Last Updated: December 31, 2020, 1:28 PM IST
ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, অভিনেতা আকাশদ্বীপৰ লগতে তথ্যচিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় প্ৰিমিয়াৰ শ্ব’।
এই প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে টাইমছ অব ইণ্ডিয়াৰ উত্তৰ-পূব সংস্কৰণৰ সম্পাদক প্ৰবীণ কলিতা, চিবিএফচিৰ উপদেষ্টা সদস্য শৈলেন্দ্ৰ পাণ্ডে, News18 অসমৰ এছ’চিয়েট এডিটৰ তুলিকা দেৱী আৰু বন বিষয়া এ. এম সিঙৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।
