প'ষ্টাৰিং মুকলিৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান আৰক্ষী আয়ুক্তৰ
প'ষ্টাৰিং মুকলিৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান আৰক্ষী আয়ুক্তৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীত শেহতীয়াকৈ ভয়ানক ৰূপত বৃদ্ধি পাব ধৰিছে ATM প্ৰৱঞ্চনাৰ ঘটনা ৷ ATMৰ পৰা টকা উলিয়াবলৈ অহা লোকক বিভিন্ন প্ৰকাৰে নিজৰ জালত পেলাই ATMৰ জৰিয়তে সাঁচতীয়া ধন লৈ উধাও হয় প্ৰৱঞ্চকৰ দলটো ৷
বিশেষকৈ গুৱাহাটীত শেহতীয়াকৈ এই ঘটনা বৃদ্ধি পাব ধৰাত এই প্ৰৱঞ্চকৰ বিৰুদ্ধে এইবাৰ সষ্টম হৈ উঠিছে মহানগৰ আৰক্ষী (City Police) ৷ এনে প্ৰৱঞ্চকৰ কবলৰ পৰা সাৰিবলৈ ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ৰাইজলৈ শনিবাৰে মহানগৰ আৰক্ষীয়ে মুকলি কৰিলে কেতবোৰ পোষ্টাৰ ৷
অকল পোষ্টাৰে নহয়, ইতিমধ্য বেংক কৰ্তৃপক্ষৰে মিলি ATMৰ নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰাৰ বাবেও আলোচনাত মিলিত হৈছে মহানগৰ আৰক্ষী ৷ কাৰণ বহু ATM চোৰ গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ অৱশ্য এইক্ষেত্ৰত ৰাইজৰো সহযোগিতা বিচাৰিলে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে ৷ পিছে শেহতীয়াকৈ মহানগৰীত বৃদ্ধি পোৱা এই প্ৰবঞ্চনা ৰোধ কৰাত আৰক্ষী কিমান সফল হয়, সেয়া সময়েহে ক'ব ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|