‘১০০% শুদ্ধ কোনো নহয়, NRCও নহয়, NRCত নাম সন্নিৱিষ্ট নোহোৱা সকলক মানৱীয় দৃষ্টিভংগীৰে চাব লাগিব’

NRCক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে

News18-Assam
Updated:September 4, 2019, 4:22 PM IST
‘১০০% শুদ্ধ কোনো নহয়, NRCও নহয়, NRCত নাম সন্নিৱিষ্ট নোহোৱা সকলক মানৱীয় দৃষ্টিভংগীৰে চাব লাগিব’
অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী
News18-Assam
Updated: September 4, 2019, 4:22 PM IST
NRCক লৈ বিধানসভাৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া। NRCত বাদ পৰা সকলক মানৱীয় দৃষ্টিভংগীৰে চাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা সকলৰ ভৱিষ্যতক লৈ এতিয়া উদ্বিগ্ন অধ্যক্ষ গোস্বামী।

NRCপৰা বাদ পৰা সকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয়  চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে হিতেন গোস্বামীয়ে। চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতেও এই বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ আহ্বান।

অধ্যক্ষ গোস্বামীয়ে লগতে কয়  যে, ‘৩৫বছৰৰ পিছত অসমে কিবা এটা পাইছে। ইয়াৰ পৰাই আৰম্ভ হওক নতুন প্ৰক্ৰিয়াৰ। ১০০% শুদ্ধ কোনো নহয়, NRCও নহয় ! ৰাজ্যবাসীয়ে সহিষ্ণুতাৰ পৰিচয় দিলে বিশ্বৰ সন্মুখত।’

অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ  বিদেশী চিনাক্তকৰণৰ বাবে সকলোকে সমিল মিলেৰে আগবাঢ়িবলৈ আহ্বান জনায়। লগতে  সকলো দল-সংগঠনে সংযম ৰক্ষা কৰি চলিবলৈও পৰামৰ্শ দিয়ে অধ্যক্ষগৰাকীয়ে।


গোস্বামীৰ ভাতৃ তথা বিশিষ্ট বিজ্ঞানী  জীতেন্দ্ৰনাথ গোস্বামীয়ে NRCৰ বাবে আবেদন কৰা নাছিল গতিকে NRC ত নাম সন্নিৱিষ্ট নহ’ল বুলি জানিবলৈ দিয়ে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। এই সন্দৰ্ভত গোস্বামীয়ে কয় যে,  ‘জীতেন্দ্ৰ নাথ গোস্বামী গুজৰাটৰ বাসিন্দাৰ, ভোটাৰ। গুজৰাটৰ ভোটাৰ বাবে আবেদন কৰা নাছিল’
আৰু চাওক পৰৱৰ্তী বাতৰি