বিধায়ক ৰূপজ্যোতিয়ে নামানে অধ্যক্ষৰ নিৰ্দেশ, বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বাহিৰ কৰি দিলে ৰূপজ্যোতিক

News18 Assam | News18-Assam
Updated:August 31, 2020, 6:45 PM IST
বিধায়ক ৰূপজ্যোতিয়ে নামানে অধ্যক্ষৰ নিৰ্দেশ, বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বাহিৰ কৰি দিলে ৰূপজ্যোতিক
বিষয়: অসম চুক্তি, প্ৰথম দিনাই অসম বিধানসভাৰ মজিয়া উত্তপ্ত হৈ পৰিল

বিষয়: অসম চুক্তি, প্ৰথম দিনাই অসম বিধানসভাৰ মজিয়া উত্তপ্ত হৈ পৰিল

  • Share this:
বিষয়: অসম চুক্তি। প্ৰথম দিনাই উত্তপ্ত হৈ পৰিল অসম বিধানসভাৰ মজিয়া ৷ সদনৰ প্ৰশ্নকালীন ঘণ্টাৰ মৌখিক প্ৰশ্নৰ চাপ্লিমেণ্টাৰী প্ৰশ্নকালত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৰাজ্য চৰকাৰলৈ প্ৰশ্ন- “পাঁচ নং দফা অসম চুক্তিৰ আত্মা ৷ এই আত্মাক ৰক্ষা নকৰাকৈ চৰকাৰে ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কমিটী গঠন কৰিছিল ৷ কিন্তু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটীৰ প্ৰতিবেদনকে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ৷ এয়া কি, জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ চৰিত্ৰ?

ৰূপজ্যোতিৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ সদনত থিয় হয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ পাটোৱাৰীয়ে ক'লে- “আত্মাৰ কথা ৰূপজ্যোতিয়ে ক'ব নালাগে ৷ আমি জানো, আমি কিমান ত্যাগ স্বীকাৰ কৰিলো ৷ অসমৰ ৮৫৫জন শ্বহীদ হ'ল ৷ নিজ ভাতৃকো আমি হেৰুৱালো ৷”

এনেদৰে উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰী ক'লে- ‘সৰ্বানন্দ সোণোৱাল চৰকাৰে অসম চুক্তিৰ পাঁচ, ছয় নং দফাই নহয়, সকলো দফাই কাৰ্যকৰী কৰিব ৷’

কিন্তু মন্ত্ৰী পাটোৱাৰীৰ উত্তৰত সন্তুষ্ট নহ'ল বিধায়ক ৰূপজ্যোতি ৷ এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে লক্ষ্য কৰি ল'লে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ ‘এইমছ ৰহাত হোৱাৰ কথা আছিল ৷ কিন্তু চতুৰ মন্ত্ৰী হিমন্তই ৰহাৰ পৰা কাঢ়ি নিলে চাংসাৰিলৈ ৷ ফলত মিণ্টু দেউৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। মিন্টুৰ পত্নী ৰিজুমণি পাটৰক চৰকাৰে চাকৰি দিলে যদিও আজি পৰ্যন্ত নিদিলে দৰমহা ৷’ ৰূপজ্যোতিয়ে লগতে ক'লে- ‘এইমছক লৈ ৰাজনীতি কৰিছিল বিজেপিয়ে ৷ ২০১৬ৰ নিৰ্বাচনৰ পূৰ্বে এইমছ ৰহাত দিয়াৰ কথা কৈছিল ৷ পৰৱৰ্তী সময়ত চতুৰ মন্ত্ৰী হিমন্তই নিজৰ সমষ্টিত এইমছ স্থাপন কৰিলে।’

সদনৰ মজিয়াত এনেদৰে অসম চুক্তিৰ প্ৰসংগৰ লগত এইমছৰ  বিষয়টো টানি আনে ৰূপজ্যোতিয়ে। বিধায়ক ৰূপজ্যোতিৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰে অধ্যক্ষ হীতেন্দ্ৰনাথ গোস্বামী। অধ্যক্ষই বিধায়ক ৰূপজ্যোতিক বহিবলৈ বাৰে বাৰে নিৰ্দেশ দিয়ে ৷ কিন্তু নিজ মতত অটল থাকে ৰূপজ্যোতি কুৰ্মী ৷ নিৰন্তৰ নিজৰ কথা কৈ যোৱাত অধ্যক্ষই শেষত মাৰ্শ্বেল লগাই সদনৰ পৰা কংগ্ৰেছী বিধায়কজনক বহিষ্কাৰ কৰি দিয়ে।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 6:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি