• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়া কৃষি কৰ্মত ব্যস্ত এইজন স্পেইনৰ পৰ্যটক, শিকিছে অসমীয়া ভাষা, কণ-কণ শিশুক শিকাইছে স্পেনিছ ভাষাও

এতিয়া কৃষি কৰ্মত ব্যস্ত এইজন স্পেইনৰ পৰ্যটক, শিকিছে অসমীয়া ভাষা, কণ-কণ শিশুক শিকাইছে স্পেনিছ ভাষাও

ল’ক ডাউনৰ ফলত  শিৱসাগৰত  আবদ্ধ হৈ আছে এজন বিদেশী পৰ্যটক। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাত্ম হৈ পৰিছে স্পেইনৰ এই পৰ্যটকজন।

ল’ক ডাউনৰ ফলত  শিৱসাগৰত  আবদ্ধ হৈ আছে এজন বিদেশী পৰ্যটক। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাত্ম হৈ পৰিছে স্পেইনৰ এই পৰ্যটকজন।

ল’ক ডাউনৰ ফলত  শিৱসাগৰত  আবদ্ধ হৈ আছে এজন বিদেশী পৰ্যটক। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাত্ম হৈ পৰিছে স্পেইনৰ এই পৰ্যটকজন।

  • Share this:
ল’ক ডাউনৰ ফলত  শিৱসাগৰত  আবদ্ধ হৈ আছে এজন বিদেশী পৰ্যটক। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে একাত্ম হৈ পৰিছে স্পেইনৰ এই পৰ্যটকজন। বিগত প্ৰায় চাৰি মাহে শিৱসাগৰ জিলাৰ বকতা, বকতিয়াল গাঁৱত আবদ্ধ হৈ আছে স্পইনৰ যুৱকজন। স্পেইনৰ পৰা ভাৰত ভ্ৰমণৰ উদেশ্যে চাইকেলৰে ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসমলৈ আহিছিল মেনুৱেল আৰিবাছ চজিকিউ নামৰ পৰ্যটকজন ৷

 অসমৰ বিভিন্ন শিক্ষানুষ্ঠান দৰ্শন কৰি অহা পৰ্যটকজন ফেব্ৰুৱাৰীৰ ১৪ তাৰিখে উপস্থিত হয় গড়গাঁও মহাবিদ্যালয়ত ৷ সেই সময়ত গড়গাওঁ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল যুৱ  মহোৎসৱ ৷ মহোৎসৱতে লগ পায় শিৱসাগৰ জিলাৰ বকতাৰ এজন যুৱকক। বকতাৰ বকতিয়াল গাঁৱৰ নিবাসী সত্যৰঞ্জন বৰবৰুৱাৰ পুত্ৰ বিশ্বজিত বৰবৰুৱা নামৰ গড়গাঁও কলেজৰ প্ৰাক্তন ছাত্ৰজনে পৰ্যটক জনক অসমীয়া গ্ৰাম্য জনজীৱন পত্যক্ষ কৰিবলৈ আমন্ত্ৰণ জনায় ৷



যুৱক জনৰ অনুৰোধ ৰক্ষা কৰি বকতা বকতিয়াল গাঁৱৰ যুৱক জনৰ ঘৰলৈ আহে স্পেইনৰ যুৱকজন।  কিন্তু সেইসময়তে বিশ্বজুৰি জটিল ৰূপ লয় কোৰোণা ভাইৰাছে।সেইদৰে স্পেইনতো কোৰোণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বদেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে পৰ্যটক জন।

পিছত যুৱকজনৰ পৰ্যটন বিভাগৰ আতিথ্যত ৰাখিবলৈ প্ৰশাননে চেষ্টা কৰিছিল যদিও অসমৰ গাওঁত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰে যুৱকজনে। এতিয়া দিন বাগৰাৰ লগে লগে বকতা বকতিয়াল গাঁৱৰ এজন সদস্য হৈ পৰিছে তেওঁ। চাৰিমাহৰ ভিতৰতে গাওঁবাসীৰ বাবে তেওঁ আপোন হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ সৈতে একাকাৰ হৈ অসমীয়া ভাষা ক’বলৈও শিকিছে স্পেইনৰ যুৱকজনে।



গাঁৱৰ বহু কণ-কণ শিশুক স্পেনিছ ভাষাৰ জ্ঞানো দিছে পৰ্যটক জনে ৷ কণ-কণ শিশুক শিকাইছে স্পেনিছ সংগীত ৷ আনকি পথাৰত কৃষিকৰ্মৰ লগত ব্যস্ত হৈ পৰিছে পৰ্যটকজন। বকতা বকতিয়াল গাঁৱৰ পৰিয়ালটোৱেও মেনুৱেলক পৰিয়ালৰ এজন সদস্য হিচাপে ৰাখিছে। মেনুৱেলে দৈনিক স্পেইনত থকা মাতৃ তথা পৰিয়ালক ভিডিঅ’ কলেৰে গাঁৱৰ বিষয়ে অৱগত কৰে। মেনুৱেলৰ পৰিয়ালেও অসমৰ আতিথ্যক শলাগ লৈছে । কিন্তু এদিন পুনৰ চাইকেলেৰে স্বদেশলৈ যাত্ৰা কৰিব তেওঁ। এৰি থৈ যাব খাটি অসমীয়া মানুহৰ আতিথ্য, মৰম চেনেহ ৷
First published: