কোন অধিবক্তাৰ পৰামৰ্শত আত্মসমৰ্পণৰ নাটক কৰিলে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই? NEWS 18ৰ হাতত বিস্ফোৰক তথ্য

News18 Assam | News18-Assam
Updated:October 17, 2020, 12:37 PM IST
কোন অধিবক্তাৰ পৰামৰ্শত আত্মসমৰ্পণৰ নাটক কৰিলে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই? NEWS 18ৰ হাতত বিস্ফোৰক তথ্য
কি যুক্তিত অধিবক্তাগৰাকীয়ে জামিনৰ প্ৰতিশ্ৰুতি দিছিল সঞ্জিত কৃষ্ণক?

কি যুক্তিত অধিবক্তাগৰাকীয়ে জামিনৰ প্ৰতিশ্ৰুতি দিছিল সঞ্জিত কৃষ্ণক?

  • Share this:
দুটা দিনৰ ৰহস্যজনক আত্মগোপনৰ পিছত হঠাৎ বৃহস্পতিবাৰে নাটকীয় ভাৱে DGP কাৰ্যালয়ত সঞ্জিত কৃষ্ণৰ আত্মসমৰ্পণৰ আঁৰতো আছে বহু ৰহস্য৷ NEWS 18ৰ হাতত পৰিছে বহু বিস্ফোৰক তথ্য। আত্মগোপনৰ দুটা দিনে এগৰাকী অধিবক্তাৰে সঘন যোগাযোগ কৰিছিল সঞ্জিত কৃষ্ণই ৷ জামিনত মুক্তি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল অধিবক্তাগৰাকীয়ে।

অধিবক্তাগৰাকীৰ পৰামৰ্শ মতেই আত্মসমৰ্পণ কৰিছিল সঞ্জিত কৃষ্ণই ৷ কিন্তু কি যুক্তিত অধিবক্তাগৰাকীয়ে জামিনৰ প্ৰতিশ্ৰুতি দিছিল সঞ্জিত কৃষ্ণক?

৪০ লাখ টকাৰ বিনিময়ত কৰিমগঞ্জৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰলৈ যোৱা প্ৰশ্নকাকতৰ চিল খুলি ৰুবুল হাজৰিকাক বিক্ৰী কৰাৰ অভিযোগতে CIDয়ে গ্ৰেপ্তাৰ কৰিছিল সঞ্জিত কৃষ্ণক। সেই চিল খুলা প্ৰশ্নকাকতৰ টোপোলা ২০ ছেপ্তেম্বৰৰ পুৱা গৈছিল কৰিমগঞ্জৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰলৈ ৷ আৰু চিল খোলা প্ৰশ্নকাকতেই পৰীক্ষাৰ্থীৰ মাজত বিতৰণ কৰিছিল পৰীক্ষকে। চিল পূৰ্বৰে পৰা খুলি থোৱাৰ কথা পৰীক্ষকৰ দায়িত্বত থকা জনে অৱগত কৰা নাছিল কতৃপৰ্ক্ষক।

এই যুক্তিৰ ভিত্তিতে অধিবক্তাগৰাকীয়ে কম সময়ৰ ভিতৰত সঞ্জিত কৃষ্ণক জামিনত মুকলি কৰি অনাৰ প্ৰতিশ্ৰুতি দিছিল ৷ অধিবক্তাগৰাকীৰ এই প্ৰতিশ্ৰুতিৰ পিছতে সঞ্জিত কৃষ্ণই বৃহস্পিতবাৰে পুৱা আৰক্ষী সঞ্চালকপ্ৰধানক ফোন কৰি DGP কাৰ্যালয়ত আত্মসমৰ্পণৰ নাটক কৰিছিল।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 12:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading