এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে নামনিৰ এইখন জিলাত আতংক!

News18 Assam | News18-Assam
Updated:June 28, 2020, 10:03 PM IST
এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে নামনিৰ এইখন জিলাত আতংক!
ইতিমধ্যে বিষয়াজনে অস্থায়ীভাৱে থকা ধুবুৰীৰ অৱৰ্ত ভৱন পৰিণত হৈছে কণ্টেইনমেণ্ট জ’নলৈ।

ইতিমধ্যে বিষয়াজনে অস্থায়ীভাৱে থকা ধুবুৰীৰ অৱৰ্ত ভৱন পৰিণত হৈছে কণ্টেইনমেণ্ট জ’নলৈ।

  • Share this:
ৰাজ্যৰ এখন জিলাত আৰক্ষী আৰু প্ৰশাসনৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক। এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দেহত কোভিড পজিটিভ ওলোৱাৰ লগে লগে হাহাকাৰ লাগিছে নামনি অসমত। কাৰণ আৰক্ষী অধীক্ষকজনৰ লগত নামনি অসমৰ ডিআইজিৰ পৰা আৰম্ভ কৰি উপায়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, উপ আৰক্ষী অধীক্ষক, থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা আৰম্ভ কৰি চিপাহীলৈ সকলোৱে নমুনা দিবলগীয়া হৈছে কোভিড টেষ্টৰ বাবে।

এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাত। জিলাখনৰ ছাগলীয়াৰ অসম–বংগ প্ৰৱেশ পথত কৰ্তব্যৰত এজন  আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে এই পদক্ষেপ লৈছে জিলা প্ৰশাসনে। ইতিমধ্যে বিষয়াজনে অস্থায়ীভাৱে থকা ধুবুৰীৰ অৱৰ্ত ভৱন পৰিণত হৈছে কণ্টেইনমেণ্ট জ’নলৈ।

আভয়াপুৰীৰ ৮ম এ পি বি এনৰ কামাণ্ডেণ্ট  এ বসুমাতাৰীৰ  ২২ জুনত নমুনা পৰীক্ষাৰ বাবে পঠোৱা হৈছিল। ইপিনে নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণৰ পিছত তেওঁ ২৩ জুনত এৰিছিল ধুবুৰী অৱৰ্ত ভৱনৰ কোঠালী। কিন্তু ২৭ জুনৰ নিশা উক্ত বিষয়াজন কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ অহাৰ লগে লগে  হাহাকাৰ লাগিছে ধুবুৰীৰ প্ৰশাসনত। কাৰণ ইতিমধ্যেই ৮ম এ পি বি এনৰ কামাণ্ডেণ্ট এ বসুমাতাৰী থকা কোঠালীত ২৩ তাৰিখৰ পৰা ২৬ এ পি বি এনৰ কামাণ্ডেণ্টক থাকিবলৈ দিয়া হৈছিল।

আনহাতে, একেটা আৱৰ্ত ভৱনত অস্থায়ীভাৱে থাকে অংকুৰ ভৰালী নামৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলাখনৰ আন এজন অতিৰিক্ত উপায়ুক্ত। বৰ্তমানে অতিৰিক্ত উপায়ুক্ত, কামাণ্ডেণ্ট, আৰক্ষী অধীক্ষকৰ লগতে আৱৰ্ত ভৱনৰ মুঠ ১৬ জনকৈ কৰ্মচাৰীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে।

আনহতে, এই ঘটনাৰ পিছত অসম-বংগ সীমান্তৰ ছাগলীয়াত কৰ্তব্যত থকা আৰক্ষী আৰু প্ৰশাসনিক বিষয়া–কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানে আগন্তুক সাত দিনৰ বাবে ধুবুৰী আৱৰ্ত ভৱনত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ইয়াক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। আনহাতে, আৱৰ্ত ভৱনৰ কৰ্মচাৰীসকলৰ বাবে কোৱাৰেণ্টাইনত চেণ্টাৰলৈ ৰূপান্তৰিত কৰা হৈছে ধুবুৰীৰ অৱৰ্ত ভৱন।
First published: June 28, 2020, 10:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading