• Home
  • »
  • News
  • »
  • assam
  • »
  • NAGAON : নগাঁৱৰ কিশোৰী অপহৰণ–ধৰ্ষণ আৰু আয়েছা ছিদ্দিকা হত্যাকাণ্ডক লৈ SP লীনা দলেৰ সংবাদমেল

NAGAON : নগাঁৱৰ কিশোৰী অপহৰণ–ধৰ্ষণ আৰু আয়েছা ছিদ্দিকা হত্যাকাণ্ডক লৈ SP লীনা দলেৰ সংবাদমেল

কিশোৰীগৰাকীৰ লগত থকা যুৱককেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি দলেই জানিবলৈ দিয়ে।

কিশোৰীগৰাকীৰ লগত থকা যুৱককেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি দলেই জানিবলৈ দিয়ে।

কিশোৰীগৰাকীৰ লগত থকা যুৱককেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি দলেই জানিবলৈ দিয়ে।

  • Share this:
অলপতে নগাঁৱত ঘটি যোৱা দুটা চাঞ্চল্যকৰ ঘটনাক লৈ আৰক্ষী অধীক্ষক লীনা দলেই সংবাদমেল সম্বোধন কৰে। প্ৰথমটো ঘটনা যোৱা মঙলবাৰে ৰাতিপুৱা নগাঁৱত সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছিল, য'ত নগাঁও চহৰৰ গোটলাইপট্টিত আয়েছা ছিদ্দিকা নামৰ এগৰাকী মহিলাক হাত-ভৰি বান্ধি নৃশংসভাৱে হত্যা কৰিছিল। দ্বিতীয় ঘটনাটো আছিল কালিৰ। এগৰাকী কিশোৰীক ৬ যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰে আৰু পিছত মুমূৰ্ষু অৱস্থাত নগাঁওৰ চিকিৎসালয়ত ভৰ্তি কৰাই পলাই যায়।

আৰক্ষী অধীক্ষক লীনা দলেই কিশোৰী অপহৰণ আৰু মহিলা হত্যাৰ ঘটনাৰ বিষয়ে সংবাদমেলত কয় যে কিশোৰীগৰাকীক অপহৰণ কৰা হোৱা নাছিল, কিশোৰীগৰাকীয়ে নিজ ইচ্ছাৰে ঘৰৰ পৰা গৈছিল। সেয়ে পিতৃয়ে দাখিল কৰা নাছিল এজাহাৰ। বৃহস্পতিবাৰে বিয়লিহে এজাহাৰ দিয়ে পিতৃয়ে। গতিকে ধৰ্ষণৰ বিষয়ে আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই।কিশোৰীগৰাকী সুস্থ হোৱাৰ পিছতহে আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰিব।

আনহাতে, হয়বৰগাঁৱৰ আয়েশা ছিদ্দিকাৰ হত্যাকাণ্ড সন্দৰ্ভত মন্তব্য কৰি দলেই কয়– ডকাইতে হত্যা কৰা নাছিল মহিলাগৰাকীক। আয়েশাৰ পৰিচিত ব্যক্তি জড়িত এই হত্যাকাণ্ডত। হত্যাকাৰীয়ে ঘটনাক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। দুয়োটা ঘটনাৰে তদন্ত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে কৰিছে।

কিশোৰীগৰাকীৰ লগত থকা যুৱককেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি দলেই জানিবলৈ দিয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি