ৰোড ছাইড ৰোমিঅ'! যোগী আদিত্যনাথে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে প্ৰথম অভিযান চলাইছিল এই ৰোড ছাইড ৰোমিঅ'ৰ বিৰুদ্ধে। প্ৰকৃততে পথৰ দাঁতিত ৰৈ ছোৱালী জোকোৱা যুৱককে ৰোড ছাইড ৰোমিঅ'ৰ নাম দিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এই ৰোড ছাইড ৰোমিঅ'ৰ বাবেই উত্তৰ প্ৰদেশত বৃদ্ধি পাইছিল নাৰীজনিত অপৰাধৰ ঘটনা আৰু সেয়ে যোগী আদিত্য নাথে ইয়াক কঠোৰ হাতেৰে দমন কৰিছিল।
পিছে এইবাৰ ৰোড ছাইড ৰোমিঅ'ৰ বিৰুদ্ধে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও। দিনৰ দিনটো পথৰ দাঁতিত ৰৈ ছোৱালী জোকোৱা একাংশ যুৱকক আজি উত্তম-মধ্যম শোধালে নগাঁও আৰক্ষীৰ এটা দলে। জানিব পৰা মতে, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত আজি কিছুদিনৰে পৰা একাংশ যুৱকে কলেজলৈ অহা-যোৱা কৰা ছোৱালীক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিল।
বিশেষকৈ ছোৱালী মহাবিদ্যালয়লৈ অহা-যোৱা কৰিবৰ বাবে কলং নৈৰ ওপৰত থকা পদসেতুৰ ওপৰত একাংশ যুৱকে ৰাগিয়াল দ্ৰব্য সেৱন কৰি আড্ডা মাৰি থকাৰ ফলত কলেজীয়া ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু আজি বিয়লি প্ৰায় ৩ বজাত নগাঁও আৰক্ষীৰ এটা দল হঠাৎ উপস্থিত হৈ এনে ৰোড ছাইড ৰোমিঅ'ক ভালদৰে এসেকা দিলে।
মহিলা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে পদসেতুত আড্ডা মাৰি থকা যুৱককেইজনক লাঠী চাৰ্জ কৰি সেই স্থানৰ পৰা খেদি পঠিয়ায়। নগাঁও আৰক্ষীৰ এই কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|