মুখ্যপৃষ্ঠা »খবৰ »অসম »Anand Mishra : লখিমপুৰবাসীয়ে ছেভ কৰি থওক এই নম্বৰ, আনন্দ মিশ্ৰই দিলে নিজৰ নম্বৰ, ক’লে – ‘একশ্যনত কোনো কম্প্ৰমাইজ নহ’ব’

Anand Mishra : লখিমপুৰবাসীয়ে ছেভ কৰি থওক এই নম্বৰ, আনন্দ মিশ্ৰই দিলে নিজৰ নম্বৰ, ক’লে – ‘একশ্যনত কোনো কম্প্ৰমাইজ নহ’ব’

এছ পি মিশ্ৰৰ সকীয়নিৰ পিছতে যেন অপৰাধীৰ ভেটিত কঁপনি উঠিছিল। এজন এজনকৈ বহুজনে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত।

এছ পি মিশ্ৰৰ সকীয়নিৰ পিছতে যেন অপৰাধীৰ ভেটিত কঁপনি উঠিছিল। এজন এজনকৈ বহুজনে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত।

এছ পি মিশ্ৰৰ সকীয়নিৰ পিছতে যেন অপৰাধীৰ ভেটিত কঁপনি উঠিছিল। এজন এজনকৈ বহুজনে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত।

  • Share this:
লখিমপুৰত একশ্যম মুডত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আনন্দৰ মিশ্ৰৰ সকীয়নিৰ পিছতে ইজনৰ পিছত সিজন অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে বিভিন্ন থানাত। নকল সোণ আৰু নকল টকাৰ বেহাৰ সৈতে জড়িত ৬৫জনে এতিয়ালৈ আত্মসমৰ্পণ কৰিছে। অপৰাধীত আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। যদিহে আত্মসমৰ্পণ নকৰে, আৰক্ষীয়ে ধৰি আনিব লাগিলে বেয়াকৈ আনিব বুলিও সকীয়নি দিছিল আনন্দ মিশ্ৰই।

এছ পি মিশ্ৰৰ সকীয়নিৰ পিছতে যেন অপৰাধীৰ ভেটিত কঁপনি উঠিছিল। এজন এজনকৈ বহুজনে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত। আজিও লালুক আৰক্ষী থানাত ৬টা নকল সোণ-নকল টকাৰ বেহাৰ মাষ্টাৰমাইণ্ডে আত্মসমৰ্পণ কৰে। দলহাট আৰক্ষী চকীৰ অন্তৰ্গত বালিটিকা-হৰিপুৰ অঞ্চলৰ চাজান আলী, মতিউৰ ৰহমান, হেদাইতুল ইছলাম, চহিদুল ইছলাম, ৰুহুল আমিন আৰু আফাজ উদ্দিন নামৰ সৰবৰাহকাৰীকেইটাই দীর্ঘদিন ধৰি বিক্ৰী কৰিছিল নকল সোণ।

আৰু পঢ়ক : লখিমপুৰত অ‍ব্যাহত আত্মসমৰ্পণৰ ধাৰা, আৰু ৬জন নকল সোণ সৰবৰাহকাৰীয়ে দাঙিলে হাত

ইফালে, আনন্দ মিশ্ৰক সাক্ষাৎ কৰিবলৈ অহা ৰাইজক আনন্দ মিশ্ৰই কয়, ‘‘আমি যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰো কৰিম। আমি সকলোৱে মিলি কাম কৰিম। ইতিমধ্যে আপোনালোকক ফোন নম্বৰ দিছো। মোৰ আৰু এটা নম্বৰ আছে সেয়াও আপোনালোকে ৰাখিব পাৰে। নম্বৰটো হৈছে ৬০২৬৯০০৮২৫। এয়া এছ পি লখিমপুৰৰ নম্বৰ। এয়া মোৰ হাতত থাকিব, যেতিয়াই ফোন কৰিব মই উঠাম। কিন্তু কাৰণ নোহোৱাকৈ ফোন নকৰিব।’’

আৰু পঢ়ক : আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ

ড্ৰাগছ ব্যৱসায়ীক সকীয়নি দি আনন্দ মিশ্ৰই কয়, ‘‘যিয়ে ড্ৰাগছৰ ব্যৱসায় কৰিছে আত্মসমৰ্পণ কৰক। অন্যথা পিছত যি হ’ব তাৰ বাবে মই দায়ী নহয়। যিয়ে নহওক আপোনালোকে ফোন কৰক। ১০০ শতাংশ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। একশ্যনত কোনো সম্প্ৰমাইজ নহ’ব। আমাৰ ওপৰত বিশ্বাস ৰাখিব। কোনো আৰক্ষী কোনো বদমাছৰ সৈতে জড়িত নহয়। আমি ভাল দৰমহা পাওঁ, আমি সুখী। কেৱল আমি কাম কৰিব লাগে। কোনোৱে যাতে বেয়া কামৰ কবলত নপৰে, তাৰ দায়িত্ব আপোনালোকৰ আৰু আমাৰ। আৰু আমি এয়া সকলোৱে মিলি কৰিম। কেৱল আপোনালোকে আমাৰ ওপৰত ভৰসা ৰাখক।’’

শেহতীয়া বাতৰি