• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰকৃতিৰ ভিন্ন ৰূপ! এফালে প্ৰলয়ংকৰী বান, আনফালে খৰাং, বৰষুণ বিচাৰি সৰুপথাৰত আয়োজন কৰা হৈছে ভেকুলীৰ বিয়া

প্ৰকৃতিৰ ভিন্ন ৰূপ! এফালে প্ৰলয়ংকৰী বান, আনফালে খৰাং, বৰষুণ বিচাৰি সৰুপথাৰত আয়োজন কৰা হৈছে ভেকুলীৰ বিয়া

বৃহস্পতিবাৰে নিশা সৰুপথাৰ নগাজৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। ঢোলে দগৰে নাচি বাগি আনন্দত আত্মহাৰা ৫খন গাঁৱৰ ৰাইজ।

বৃহস্পতিবাৰে নিশা সৰুপথাৰ নগাজৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। ঢোলে দগৰে নাচি বাগি আনন্দত আত্মহাৰা ৫খন গাঁৱৰ ৰাইজ।

বৃহস্পতিবাৰে নিশা সৰুপথাৰ নগাজৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। ঢোলে দগৰে নাচি বাগি আনন্দত আত্মহাৰা ৫খন গাঁৱৰ ৰাইজ।

  • Share this:
বৃহস্পতিবাৰে নিশা সৰুপথাৰ নগাজৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। ঢোলে দগৰে নাচি বাগি আনন্দত আত্মহাৰা ৫খন গাঁৱৰ ৰাইজ। কাৰণ এখন বিশেষ বিয়াৰ সাক্ষী হ'ব ৰাইজ। আহোমৰ চকলং প্ৰথাৰেই সম্পন্ন হ'ব বিবাহ। বিবাহৰ বাবে কইনাক গা ধুৱাইছে সকলোৱে! দোলাত উঠি কইনা নিবলৈ আহিছে দৰা। আয়তীৰ উৰুলি, বিয়ানামৰে মুখৰিত বিবাহস্থলী। হেংদাঙক সাখী কৰি চকলঙৰ এশ এগছি বন্তি জ্বলাই পুৰুহিত মন্ত্ৰোচ্চাৰণত চলিছে বিয়াৰ পৰ্ব। অসমীয়া বিবাহৰ সকলো পৰম্পৰাই পালন কৰা হৈছে। কিন্তু এয়া সাধাৰণ ঘটনা, তেন্তে কিয় ৫ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈছে,? কি আছে এই বিশেষ বিয়া খনত।

কাৰণ এইখন হৈছে ভেকুলী বিয়া। প্ৰকৃতিৰ যে কি আচৰিত খেলা এফালে প্ৰলয়ংকৰী বান, আনফালে খৰাং। বৰষুণৰ পৰা পৰিত্ৰাণ নহয়, বৰষুণ বিচাৰিহে আয়োজন কৰা হৈছে ভেকুলীৰ বিয়া। ৰাজ্যৰ ২৮ খন জিলা বানৰ কবলত থকা সময়ত সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ প্ৰায় ৮০ শতাংশ পথাৰত নাই পানী । খেতিপথাৰত চিৰাল ফাট মেলিছে। ইফালে কঠিয়া পেলোৱাৰ সময়ো প্ৰায় যাও যাও। যাৰ বাবে পৰম্পৰাগতভাৱে মহা আড়ম্বৰেৰে সৰুপথাৰৰ ৫ খন গাঁও ক্ৰমে নগাজুৰি, খনিকৰ, হাতিচুঙি, পানজান, দহচুকৰ ৰাইজে মিলি পাতিছে ভেকুলীৰ বিয়া। পিছে এই বিয়াই বৰুণ দেৱতাক সন্তুষ্ট কৰিব পাৰেনে নোৱাৰে সেয়া সময়তহে দেখিবলৈ পোৱা যাব।
Published by:Himangshu Bhuyan
First published: