৭২ ঘণ্টাৰ ভিতৰত কোনো লোক অসমলৈ আহি উভতি গ’লে হ’ব নালাগে কোৱাৰেণ্টাইন, পিছে চৰ্ত সাপেক্ষে

News18 Assam | News18-Assam
Updated:August 10, 2020, 10:46 PM IST
৭২ ঘণ্টাৰ ভিতৰত কোনো লোক অসমলৈ আহি উভতি গ’লে হ’ব নালাগে কোৱাৰেণ্টাইন, পিছে চৰ্ত সাপেক্ষে
বিমান যাত্ৰীৰ বাবেহে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

বিমান যাত্ৰীৰ বাবেহে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

  • Share this:
আগতকৈ কিছু সুস্থিৰ সৈতে ৰাজ্যৰ কোৰোণাৰ পৰিস্থিতি। ক্ৰমান্বৰে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। কোৰোণা প্ৰতিৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে এতিয়া দিন ৰাতি একাকাৰ কৰিছে। তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে বিশেষ জাননী। এতিয়াৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত কোনো লোক অসমলৈ আহি উভতি গ’লে হ’ব নালেগে কোৱাৰেণ্টাইন। কিন্তু বিমান যাত্ৰীৰ বাবেহে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

কিন্তু এই ক্ষেত্ৰতো থাকিব বিশেষ কিছু চৰ্তঃ


  • যাত্ৰীগৰাকীয়ে দেখুৱাব লাগিব নিজৰ উভতনি যাত্ৰাৰ টিকট।

  • অসম আহি পোৱাৰ পিছতে তেওঁৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব। আৰু যিসকলৰ নিগেটিভ ৰিজাল্ট আহে, তেওঁলোকৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ’ব। কিন্তু পজিটিভ আহিলে কোভিড প্ৰট’কলৰ অধীনত আইছ’লেছন/ চিকিত্‍সা কৰা হ’ব।

  •  লক্ষণ থকা লোকক RT-PCR টেষ্টো কৰা হ’ব। ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ আহিলেও RT-PCRৰ ৰিপৰ্ট নহা পৰ্যন্ত আইছ’লেছনত ৰখা হ’ব।

  • অসমত থকাৰ সময়ত সামাজিক দুৰত্ব বজাই ৰখাতো বাধ্যতামূলক।


  • যদি লোকজনে ৭২ ঘণ্টাতকৈ অধিক সময় থাকে, তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব আৰু কোৱাৰেণ্টাইন কৰা হ’ব।

Published by: Himangshu Bhuyan
First published: August 10, 2020, 3:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি