• Home
  • »
  • News
  • »
  • assam
  • »
  • খালী থকা শিক্ষা বিভাগৰ পদ পূৰণৰ বাবে শীঘ্ৰে ল'ব পদেক্ষপ, টেট উত্তীৰ্ণৰ চাকৰিৰ লগতে নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণৰ চিন্তা

খালী থকা শিক্ষা বিভাগৰ পদ পূৰণৰ বাবে শীঘ্ৰে ল'ব পদেক্ষপ, টেট উত্তীৰ্ণৰ চাকৰিৰ লগতে নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণৰ চিন্তা

১৫ দিনৰ ভিতৰত বাকী ৰৈ যোৱা স্কুটীসমূহ বিতৰণ কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ সাজু হোৱাৰো পৰামৰ্শ দিয়ে।

১৫ দিনৰ ভিতৰত বাকী ৰৈ যোৱা স্কুটীসমূহ বিতৰণ কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ সাজু হোৱাৰো পৰামৰ্শ দিয়ে।

১৫ দিনৰ ভিতৰত বাকী ৰৈ যোৱা স্কুটীসমূহ বিতৰণ কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ সাজু হোৱাৰো পৰামৰ্শ দিয়ে।

  • Share this:

শিক্ষা বিভাগৰ বিভিন্ন পদত খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে পদক্ষেপ গ্রহণ কৰিব৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকত খালী হৈ থকা শিক্ষক পদ পূৰণৰ বাবে অচিৰেই এক নিযুক্তি নীতি ঘোষণা কৰিব শিক্ষা বিভাগে৷ আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি এইক্ষেত্রত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিত্তমন্ত্রী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰি আজি মুখ্যমন্ত্রীয়ে বিভাগটোৰ শীর্ষ বিষয়াসকলক কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷


আনহাতে, ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্রাধিকাৰ ভিত্তিত শিক্ষকক নিযুক্তি প্রদান কৰা আৰু এই নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক কর্তৃত্ব প্রদান কৰিবলৈ শিক্ষা বিভাগক প্রয়োজনীয় এম্পাৱাৰমেণ্ট কমিটী গঠনৰ পৰামর্শ দিয়ে মুখ্যমন্ত্রীয়ে৷ তদুপৰি ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে আছাম ইঞ্জিনীয়াৰিং ছার্ভিচ ৰিক্রুইটমেণ্ট ব’ৰ্ড গঠনৰ বাবেও  বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷


এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই চাহ বাগিচা এলেকাত নৱনির্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰা, কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্রক্রিয়াৰূপে গ্রহণ কৰা, ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূর্বৰ আয়োজিত গুণোৎসৱৰ ফলাফল ৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্রে সম্পূর্ণ কৰাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ ইফালে, নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে প্রশাসনিক পদসমূহ শীঘ্রে পূৰণ কৰাৰ ওপৰতো আজি বিস্তৃত আলোচনা হয় বৈঠকত৷


ৰাজ্যৰ সকলো স্তৰত বিদ্যালয়সমূহৰ নৱনিযুক্ত প্রাদেশীকৃত শিক্ষক তথা টিউটৰসকলৰ দৰমহা মুকলিৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আজিৰ বৈঠকতে বিত্ত বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ অহা ১ জুনৰ ভিতৰত এই শিক্ষসকলে যাতে অনাদায় দৰমহা লাভ কৰে, তাৰ বাবেও ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে বিভাগক৷ 


এই বৈঠকতে ৰাজ্যৰ প্রাথমিক শিক্ষা বিভাগ, মাধ্যমিক শিক্ষা বিভাগ, সর্বশিক্ষা মিছনৰ অধীনৰ সকলো কর্মৰত শিক্ষকক এটা নিয়ন্ত্রণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি, সেয়া পৰীক্ষা কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্রীসকলক স্কুটী প্রদানৰ বিষয়টো সন্দর্ভত ১৫ দিনৰ ভিতৰত বাকী ৰৈ যোৱা স্কুটীসমূহ বিতৰণ কৰিবলৈ নির্দেশ দিয়ে৷ বৈঠকত উচ্চ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷ 

Published by:Gautam Barman
First published: