সোণোৱাল মন্ত্ৰী সভাৰ বৈঠক, চাকৰি প্ৰাৰ্থীৰ বাবে দিলে ভাল খবৰ

News18 Assam | News18-Assam
Updated:August 27, 2020, 7:03 PM IST
সোণোৱাল মন্ত্ৰী সভাৰ বৈঠক, চাকৰি প্ৰাৰ্থীৰ বাবে দিলে ভাল খবৰ
File Photo

বৃহস্পতিবাৰে অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সোণোৱাল মন্ত্ৰী সভাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

  • Share this:
বৃহস্পতিবাৰে অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সোণোৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত চাকৰি প্ৰাৰ্থীৰ বাবেও লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহস্পতিবাৰৰ বৈঠকতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিত আবেদনৰ ক্ষেত্ৰত সৰ্বোচ্চ বয়স সীমা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে। সেইদৰে অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ৪৩ আৰু এচ টি আৰু এচ চিৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৪৫লৈকে বৃদ্ধি কৰা হৈছে।

অন্যান্য কি কি সিদ্ধান্ত লোৱা হ’ল?


  •  ২ লাখতকৈ কম আয়ৰ পৰিয়ালক মাহে ৮৩০ টকাকৈ দিব ৰাজ্য চৰকাৰে। 

  • আচাম স্কুল ইউনিভাৰ্চিটী বিল পাছ।

  • ধনশিৰি পানী যোগান আঁচনিৰ বাবে ১১৬ কোটি টকাৰ অনুমোদন৷ ১৯৭৫ৰ চনৰ পৰা কাম সম্পূৰ্ণ হোৱা নাছিল ৷

  • কোৰোণাৰ ভয়াৱহতাৰ মাজতো কৰ্তব্যত নিয়োজিত সাংবাদিক, হোমগাৰ্ড সকলৰ মৃত্যু হ’লে ৫০ লাখ টকাৰ বীমাত অনুমোদন।


  • ৰাভা হাচং আৰু তিৱা স্বায়ত্বশাসিত অঞ্চলক ষ্টেট কেপিটেল ৰিজনৰ পৰা আঁতৰোৱাত অনুমোদন ৷

  • MSME সংশোধনত অনুমোদন ৷ উদ্যোগ স্থাপন কৰিবলৈ মাটিৰ অনুমতি লাগিব ৷ এই বিষয় অন্তৰ্ভুক্ত কৰা হৈছে ৷

Published by: Himangshu Bhuyan
First published: August 27, 2020, 6:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading