শোণিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

News18 Assam | News18-Assam
Updated:August 14, 2020, 11:34 AM IST
শোণিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন
দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা লোক দুজনৰ নাম কপিল কুৰ্মী আৰু স্পনাদ্বীপ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। 

দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা লোক দুজনৰ নাম কপিল কুৰ্মী আৰু স্পনাদ্বীপ কৰ্মকাৰ বুলি জানিব পৰা গৈছে। 

  • Share this:
বৃহস্পতিবাৰে নিশা শোণিতপুৰৰ খনামুখত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। বালিপৰাৰ পৰা জামুগুৰি অভিমুখে গৈ থকা অৱস্থাত  ‘AS 12 AC 8596’ নম্বৰৰ এখন বলেৰ পিক আপ গাড়ীয়ে খনামুখত ৰখাই থোৱা ‘AS 12 E 5227’ নম্বৰৰ ট্ৰাকখনত পাছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হৈছে দুজনলোক। দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা লোক দুজনৰ নাম কপিল কুৰ্মী আৰু স্পনাদ্বীপ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।  আনহাতে ঘটনাত গুৰুতৰ ভাবে আহত হোৱা যমুনা গৰাইক আৰু ৰাজা গৰাইক নামৰ লোক দুজনক উন্নত চিকিত্‍সাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: August 14, 2020, 11:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading