শোণিতপুৰৰ ৰাজপথত পৰি ৰৈছে পুত্ৰৰ মৃতদেহ, পুত্ৰৰ শোকত মাতৃৰ হিয়া ভঙা কান্দোন

News18 Assam | News18-Assam
Updated:June 5, 2020, 12:24 PM IST
শোণিতপুৰৰ ৰাজপথত পৰি ৰৈছে পুত্ৰৰ মৃতদেহ, পুত্ৰৰ শোকত মাতৃৰ হিয়া ভঙা কান্দোন
বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত এক পথ দুৰ্ঘটনাত এটি ন বছৰীয়া শিশুৰ মৃত্যু হয়।

বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত এক পথ দুৰ্ঘটনাত এটি ন বছৰীয়া শিশুৰ মৃত্যু হয়।

  • Share this:
শোণিতপুৰৰ ৰাজপথত এক কৰুণ দৃশ্য। পুত্ৰৰ শোকত এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত এক পথ দুৰ্ঘটনাত এটি ন বছৰীয়া শিশুৰ মৃত্যু হয়।

জানিব পৰা মতে বৃহস্পতিবাৰে বিয়লি ভাগত ঠেলামৰা-মিছামাৰী সংযোগী গড়কাপ্টানী পথৰ ঠেলামৰাৰ দগাঁৱৰ সমীপত মিছামাৰী অভিমুখী ‘NL-01N 9406’ নম্বৰৰ এখন ট্ৰাকৰ খুন্দাত  ৰবিজুল ইছলামৰ নামৰ এজন ৯ বছৰীয়া শিশু থিতাতে নিহত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাক খন। পিছত স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে জব্দ কৰাৰ আটক কৰে ট্ৰাক চালকজনক।

জানিব পৰা মতে, ৰবিজুল ইছলাম নামৰ শিশুটিয়ে পৰিয়ালৰ সৈতে গৈছিল সম্পৰ্কীয়ৰ ঘৰলৈ। পিছত ঘৰলৈ উভতি যাবলৈ গাড়ীৰ অপেক্ষাত মাতৃৰ সৈতে ৰৈ থকা শিশুটিক ঠেলামৰাৰ পৰা মিছামাৰীৰ অভিমুখী তীব্ৰ বেগী ট্ৰাকখনে মহতীয়াই লৈ যায়। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুটি।

ইপিনে মাতৃৰ সন্মুখতে সংঘটিত হোৱা এই কৰুণ পথ দূৰ্ঘটনাটোৰ পিছত ৰাজপথত মৃতদেহলৈ মাতৃৰ হিয়া ভঙা কান্দোন৷ ইয়াৰ পিছতেই ঠেলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

First published: June 5, 2020, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading