বিগত ছেপ্টেম্বৰ মাহৰ পিছৰ পৰাই উত্তৰ অসমৰ বিশেষকৈ শোণিতপুৰ জিলাত কেঁচা চাহ পাতৰ মূল্য অভাৱনীয় ভাবে হ্ৰাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকল গভীৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। ক্ষুদ্ৰ চাহ বাগিচাৰ পাত মালিকে নিজেই তুলিব নে শ্ৰমিকক তুলিবলৈ দিব তাক লৈ চিন্তা কৰিব লগা হৈছে।
শোণিতপুৰ জিলাৰ বৰছলা, ভঙামন্দিৰ, গৰুডুবা, বৰঝাৰ, তেলিয়াগাঁও আদি অঞ্চলত প্ৰায় দুহেজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ ইয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহ পাত বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে বিগত বহু বছৰৰ পৰা। কিন্তু ছেপ্টেম্বৰ মাহৰ পিছৰে পৰাই সুযোগ লৈ এটা শক্তিশালী চক্ৰই অতি কৌশলেৰে কেঁচা চাহ পাতৰ দাম নিম্ন কৰি অধিক মুনাফা লুটাৰ ফলত চাহ পাতৰ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে।
ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰাম টাঙোন দি অভাৱনীয়ভাৱে অঞ্চলটোৰ কেইবাখনো বটলিফ ফেক্টৰীৰ আৰু চাহ বাগিচাৰ মালিক পক্ষই প্ৰতিদিনে কেঁচা চাহ পাতৰ মূল্য হ্ৰাস কৰি আহিছে, ফলত ব্যাপকভাৱে লোকচান হৈছে বৰছলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ।
বৰছলা বিধান সভা সমষ্টিৰ ভঙামন্দিৰ, ধলগুৰি, বালিজান, বৰঝাৰ, গৰুডুবা,তেলিয়াগাঁও আদিকে ধৰি বহুকেইখন গাঁৱৰ প্ৰায় লোকৰ ঘৰে গড়ে প্ৰায় দুই বিঘাকৈ ক্ষুদ্ৰ চাহ বাগিচা আছে। অভিযোগ অনুসৰি বটলিফ ফেক্টৰী, বৰছলা টি ফেক্টৰী,লক্ষেশ্বৰী টি ফেক্টৰী,গৰুডুবা টি ফেক্টৰীৰ মালিক পক্ষকে ধৰি টিউলিপ চাহ বাগিচা, ঢেকিয়াজুলি চাহ বাগিচাৰ মালিক পক্ষই কেঁচা চাহ পাতৰ মূল্য নিজৰ খেয়ালখুচি মতে হ্ৰাস কৰাত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৃহৎ লোচানৰ সন্মুখীন হবলগীয়া হৈছে৷
ইয়াৰ ফেক্টৰিসমূহে কেঁচা চাহ মূল্য প্ৰতি কেজিত ১৩ টকাকৈ দিয়াত জিলাখনৰ ভিতৰতে সৰ্বাধিক কেঁচা চাহপাত উৎপাদন হোৱা বৰছলাৰ সৰু–বৰ প্ৰায় দুহেজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱন জীৱিকালৈ ভাবুকিৰ সৃষ্টি হৈছে৷
উচিত মূল্যৰ বাবে বৰছলা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই চাহ বোৰ্ড, জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বটলিফ ফেক্টৰিসমূহে কেঁচা চাহ পাতৰ মান নিম্ন গামী হোৱাৰ অজুহাতত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস কৰিছে বুলি জানিবলৈ দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সমিতিৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- বৰছলাৰ প্ৰায় দুহেজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি আহিছে৷ অধিকাংশই চাহ খেতিকে জীৱিকাৰ মূল হিচাপে লৈছে৷ শেহতীয়াকৈ কেঁচা চাহ পাতৰ মূল্য হ্ৰাস পোৱাত পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত৷ এই ক্ষেত্ৰত চৰকাৰ আৰু টী বৰ্ডে বৰছলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিবলৈ শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰদাবী জনায় আটছা নেতা জনে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|