প্ৰকৃত পৰিচয় গোপন কৰি প্ৰেমৰ জালত পেলাই পলুৱাই নিয়াৰ চেষ্টা কিশোৰীক, স্থানীয় ৰাইজে ধৰি-বান্ধি আৰক্ষীক গতাই দিয়ে দুটা সন্তানৰ পিতৃ ফাইজুলক

ধৰ্ম লুকুৱাই প্ৰেমৰ জালত পেলাই অষ্টম শ্ৰেণীত পঢ়া কিশোৰী দিছিল বিয়াৰ প্ৰস্তাৱ!
ধৰ্ম লুকুৱাই প্ৰেমৰ জালত পেলাই অষ্টম শ্ৰেণীত পঢ়া কিশোৰী দিছিল বিয়াৰ প্ৰস্তাৱ!
- News18 Assam
- Last Updated: July 26, 2020, 9:00 PM IST
তেজপুৰৰ ২ নং জোৰঘৰ গাঁৱৰ নিৱাসী হাতেম আলীৰ পুত্ৰ ফাইজুল ইছলামে ৰঙাপৰাৰ ৪ নং ৱাৰ্ডৰ নিৱাসী অজিত সাহাৰ বাসগৃহত এমাহ ধৰি ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল।অজিত সাহাৰ বাসগৃহৰ ওচৰৰ এগৰাকী কিশোৰীৰ সৈতে নিজ ধৰ্ম লুকুৱাই প্ৰথমে চিনাকি হয় ফাইজুল ইছলাম ৷ তাৰ পাছতে দিয়ে প্ৰেমৰ প্ৰস্তাৱ৷ কিশোৰীগৰাকীয়ে আনকি মানিও লয় ফাইজুলে দিয়া প্ৰস্তাৱ।
আৰু দেওবাৰে ফাইজুলে নানা সপোন দেখুৱাই ঘৰৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ চেষ্টা চলাওতেই স্থানীয় ৰাইজে যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। পিছত লম্পট ফাইজুলক ৰাইজে ধৰি বান্ধি আৰক্ষীক গতাই দিয়ে ৷ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।