কাঠ পেঞ্চিলৰ গ্ৰেফাইটত গীটাৰ খোদিত কৰি অসম বুক অৱ ৰেকৰ্ডত স্থান লাভ সুমনৰ

News18 Assam | News18-Assam
Updated:October 4, 2020, 1:56 PM IST
কাঠ পেঞ্চিলৰ গ্ৰেফাইটত গীটাৰ খোদিত কৰি অসম বুক অৱ ৰেকৰ্ডত স্থান লাভ সুমনৰ
সুমন দেৱনাথ নামৰ ছাত্ৰজনে ইয়াৰ পূৰ্বেও আঁহতৰ পাতত ভূপেন হাজৰিকাকে ধৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিচ্ছবি অংকন কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল।

সুমন দেৱনাথ নামৰ ছাত্ৰজনে ইয়াৰ পূৰ্বেও আঁহতৰ পাতত ভূপেন হাজৰিকাকে ধৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিচ্ছবি অংকন কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল।

  • Share this:
এজন ছাত্ৰৰ ব্যতিক্ৰমী শিল্প কলা তথা অসাধ্য সাধন৷ কাঠ পেঞ্চিলৰ গ্ৰেফাইটত গীটাৰৰ প্ৰতিচ্ছবি খোদিত কৰি সুমন দেৱনাথ নামৰ এইজন ছাত্ৰই অসম বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰৰ বৰছলাৰ ভঙামন্দিৰ গাঁৱথ সুমনৰ।

উল্লেখযোগ্য যে সুমন দেৱনাথ নামৰ ছাত্ৰজনে ইয়াৰ পূৰ্বেও আঁহতৰ পাতত ভূপেন হাজৰিকাকে ধৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিচ্ছবি অংকন কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল।

গুৰূত্বপূৰ্ণ বিষয় যে কাঠ পেঞ্চিলৰ অতি ক্ষুদ্ৰকায় আকৃতিৰ গ্ৰেফাইটত গীটাৰৰ খোদিত কৰাটো সম্ভৱ নহয় যদিও অসম্ভৱকো নিজৰ অশেষ কষ্ট আৰু সাধনাৰ জৰিয়তে সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে যুৱকজনে। ছাত্ৰজনে অসম বুক অৱ ৰেকৰ্ড স্থান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
Published by: Sanjay Kumar Das
First published: October 4, 2020, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি