
সোণাৰিৰ বৰনামঘৰত প্ৰথমবাৰৰ বাবে মহিলা ভাওনাৰ প্ৰদৰ্শন।'কুৰুসন্ধ্যা' নাটে মোহিলে ৰাইজক।
সোণাৰিৰ বৰনামঘৰত প্ৰথমবাৰৰ বাবে মহিলা ভাওনাৰ প্ৰদৰ্শন।'কুৰুসন্ধ্যা' নাটে মোহিলে ৰাইজক।
সোণাৰিৰ বৰনামঘৰত প্ৰথমবাৰৰ বাবে মহিলা ভাওনাৰ প্ৰদৰ্শন।'কুৰুসন্ধ্যা' নাটে মোহিলে ৰাইজক।
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰসাৰ- প্ৰচাৰ আৰু প্ৰাণৱন্ত ৰূপত বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে সোণাৰিৰ সাৰ্বজনীন বৰনামঘৰত মহিলা ভাওনা প্ৰদৰ্শন কৰে সোণাৰিৰ মহিলাসকৰে।সোণাৰি সাৰ্বজনীন নামঘৰৰ মহিলা সমাজৰ উদ্যোগত নামঘৰ পৰিচালনা সমিতি আৰু সোণাৰিবাসী ৰাইজৰ সহযোগত সোণাৰি সাৰ্বজনীন বৰনামঘৰৰ প্ৰাংগনত মঞ্চস্থ কৰা হয় ভাওনাখন। মুঠ ২২ গৰাকী মহিলাই অংশগ্ৰহণ কৰে এই ভাওনাত। মহিলা ভাৱৰীয়াসকলৰ উত্তম প্ৰদৰ্শনে সোণাৰিৰ ভক্তপ্ৰাণ ৰাইজক মুহিবলৈ সক্ষম হৈছে। ভাওনাৰ উদ্ধোধনী অনুষ্ঠানত সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকি উদ্ধোধন কৰে ভাওনাৰ।
Assam News Today |
News in Assamese |
Latest News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|