
সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। যোৱা নিশা পুনৰ নগৰখনৰ সমীপৱৰ্তী ৪ নং গোৱালাপথাৰ অঞ্চলত বনৰীয়া হাতীৰ দল এটাই এটা ঘৰ ভাঙি বিধ্বস্ত কৰে।
সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। যোৱা নিশা পুনৰ নগৰখনৰ সমীপৱৰ্তী ৪ নং গোৱালাপথাৰ অঞ্চলত বনৰীয়া হাতীৰ দল এটাই এটা ঘৰ ভাঙি বিধ্বস্ত কৰে।
সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। বিগত কেইদিনমানৰ পৰা এটা বনৰীয়া হাতীৰ জাকে নগৰখনৰ কাষৰীয়া অঞ্চলসমূহত উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ সময়তে যোৱা নিশাও পুনৰ নগৰখনৰ সমীপৱৰ্তী ৪ নং গোৱালাপথাৰ অঞ্চলত বনৰীয়া হাতীৰ দল এটাই এটা ঘৰ ভাঙি বিধ্বস্ত কৰে।
ঘটনাৰ বিৱৰণী মতে যোৱা নিশা অঞ্চলটোৰ কাষতে থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সম্ভাৰ বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰে এটা বন্য হস্তীৰ দল । হাতীৰ জাকটোৱে ৪ নং গুৱালাপথাৰৰ নগানদী বন গাওঁ বন বিভাগৰ বীট অফিচৰ সমীপতে থকা বাবু ভূমিজ নামৰ শ্ৰমিকজনৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰে।কথমপি ৰক্ষা পৰে পৰিয়ালটিৰ সদস্যসকলৰ। হাতীৰ জাকটোৱে ওৰে নিশা শ্ৰমিকজনৰ লগতে অঞ্চলটোৰ ৰাইজৰ খেতি-বাতি তহিলং কৰাৰ লগতে বহু মূল্যৱান গছ-গছনি ভাঙি চিঙি নষ্ট কৰে । উল্লেখযোগ্য যে অভয়পুৰ বনাঞ্চলত চোৰাং কাঠ বেপাৰীয়ে গছ কাটি ধ্বংস কৰাৰ ফলত বন্যহস্তীৰ সন্ত্ৰাসত গাঁৱৰ ৰাইজে উজাগৰে দিন কটাবলগীয়া হৈছে। যোৱা নিশা অঞ্চলটোৰ শ্ৰমিক পৰিয়ালটিৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাত সম্প্ৰতি দিশহাৰা উক্ত পৰিয়ালটি সম্প্ৰতি মুকুলি আকাশৰ তলত। বাতৰি সংগ্ৰহ কৰা সময়লৈকে উপস্থিত নহ'ল বন বিষয়াও।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|