চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনত এটি কন্যা শিশু নিজ পিতৃৰ দ্বাৰাই নৰবলিৰ স্বীকাৰ হোৱাৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ টিঙালীবাম চাহ বাগিচাত আজি এটি কন্যা শিশুক ডিঙিকাটি হত্যা কৰা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, চৰাইদেউ জিলাৰ টিঙালীবাম আৰক্ষী চকীৰ অন্তৰ্গত টিঙালীবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনত সংঘটিত হয় এই জঘন্য ঘটনা।
বাগিচাৰ মাজত খৰি লুৰিবলৈ যোৱা অৱস্থাত সন্ধানহীন হয় সাত বছৰীয়া এটি কন্যা শিশু। পাছত সন্ধিয়া লৈকে শিশুটি ঘৰলৈ ঘূৰি নহাত বিচাৰ–খোচাৰ কৰি থকা অৱস্থাত বাগিচাৰ মাজত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ডিঙিত চোকা অস্ত্ৰৰে কাটি হত্যা কৰে দুৰ্বৃত্তই। মৃত শিশুটি বাগিচাখনৰ ১৩ নম্বৰ লাইনৰ শ্ৰমিক মংগলু তাঁতীৰ কন্যা তুলি তাঁতী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দিনৰ ভাগতে সমনীয়া আৰু দুটি শিশুৰ লগ লাগি নাগালেণ্ড সীমান্তৰ দিশে বাগিচাত খৰি লুৰিবলৈ গৈছিল শিশুটি। কিন্তু কেইজনমান অচিনাক্ত যুৱকে লগত যোৱা দুটি শিশুক খেদি পঠায় আৰু সন্ধিয়ালৈ শিশুটিৰ মৃতদেহ বাগিচাৰ মাজত উদ্ধাৰ হয়।এই ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে যদিও প্ৰকৃত কাৰণ এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|