নগাৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত সোণাৰিৰ দুই যুৱক। অসম ৰাইফলছৰ তৎপৰতাত প্ৰাণ ৰক্ষা দুই অসমীয়া যুৱকৰ। চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী কানুবাৰী বালিজান গ্ৰাণ্টত তীব্ৰ উত্তেজনা ৷
দিন দুপৰতে অসমৰ সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্টৰ দুজন যুৱকক সন্দেহজনক NSCNৰ দুৰ্বৃত্তই অপহৰণ কৰি চলালে অকথ্য নিৰ্যাতন৷ গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও অসমৰ দুজন যুৱকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্বত্তই। দুই যুৱকক জীৱন্তে মাটিত গাঁত খান্দি তাত পুতি থবলৈও চেষ্টা কৰে সন্দেহজনক নগা NSCNৰ দুৰ্বত্তৰ দলটোৱে। অৱশেষত আছাম ৰাইফলছে এই ঘটনাৰ সম্ভেদ লাভ কৰি তৎপৰতাৰে অভিযান চলোৱা খবৰ পোৱাৰ লগে লগে দুৰ্বৃত্তৰ দলটোৱে যুৱক দুজনক এৰি পলায়ন কৰে৷
নিৰ্যাতনৰ সন্মুখীন হোৱা অসমৰ সোণাৰিৰ কানুবাৰী বালিজান গ্ৰাণ্টৰ যুৱক দুজনৰ নাম ক্ৰমে প্ৰাঞ্জল বাচা আৰু নৱজিৎ লাহন বুলি জানিব পৰা গৈছে৷ দুই যুৱকে শৰীৰৰ বিভিন্ন অংগত আঘাত পাইছে। আনহাতে সন্দেহজনক NSCNৰ দুৰ্বত্তৰ এনে কাণ্ডৰ বাবে সমগ্ৰ চৰাইদেউত চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ মতে এনে কাণ্ডৰ ফলত অসমীয়া-নগা লোকৰ মাজত থকা সমন্বয়, ভাতৃত্ববোধ আৰু জাউতীযুগীয়া সম্পৰ্ক বেয়া হয়।
উল্লেখযোগ্য যে বিগত কেইটামান দিনত নগা দুৰ্বৃত্তৰ অসমৰ জনসাধাৰণৰ ওপৰত বৰবৰ্তা বৃদ্ধি পায় আহিছে যদিও আৰক্ষী–প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই, যাৰ বাবে এতিয়া তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে অসমৰ জনসাধাৰণে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|