এটা হাঁহৰ কণীৰ খোলাত মাত্ৰ ১ ঘণ্টা ৩৮ মিনিটত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ছেংগিছ হাছান নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰজনে।
এটা হাঁহৰ কণীৰ খোলাত মাত্ৰ ১ ঘণ্টা ৩৮ মিনিটত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ছেংগিছ হাছান নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰজনে।
নিজ প্ৰতিভাৰে উজলিছে চৰাইদেউ জিলাৰ সোণাৰিৰ এজন প্ৰতিভাৱান ছাত্ৰ ৷ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ নগৰৰ ছাত্ৰ চেংগিজ হাছানে ।
এটা চীনা হাঁহৰ কণীৰ খোলাত মাত্ৰ ১ ঘণ্টা ৩৮ মিনিটত যুক্তৰাষ্ট্ৰৰ স্বীকৃত প্ৰাপ্ত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে ছেংগিছ হাছান নামৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰজনে। সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী তথা সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইনামূল হুছেইন আৰু নাজমা বেগমৰ পুত্ৰ চেংগিজৰ এই সফলতাৰ পাছত শেহতীয়াকৈ এছিয়া বুক অফ ৰেকৰ্ডছৰ বাবেও নাম মনোনীত কৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ চেংগিজৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে শুভাকাংক্ষীসকল। চিত্ৰ শিল্পৰ লগতে ফটোগ্ৰাফী আৰু সংগীত ক্ষেত্ৰখনৰ প্ৰতিও বিশেষ ভাৱে আগ্ৰহী চেংগিজে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনত এছিয়া বুক অৱ ৰেকৰ্ডচ , গিনিজ বুক অৱ ৰেকৰ্ডচ আৰু ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডচত নিজৰ নাম সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে চেংগিজ হাচানে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|