তেজপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত হাফ পেণ্টক লৈ হোৱা বিতৰ্ক (Half Pant Controversy)ই ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে ৰাজ্যত। এইবাৰ এক চৰকৰী কাৰ্যালয়ত।
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিষিদ্ধ কৰা হ'ল হাফ পেণ্ট ৷ সাপেখাতী ৰাজহ চক্ৰৰ কাৰ্যালয়ত শিষ্টাচাৰ নীতি অনুসৰি হাফ পেণ্ট (Half Pant Banned) পৰিধান কৰি কাৰ্যালয়লৈ নাহিবলৈ অনুৰোধ জনোৱা হৈছে। কাৰ্যালয়টোৰ দেৱালে দেৱালে পোষ্টাৰ ওলমাই পেণ্ট পৰিধান কৰি নাহিবলৈ অনুৰোধ জনোৱা হৈছে ৷ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ আদেশানুক্ৰমে জাননীখন জাৰি কৰা হৈছে বুলি স্পষ্টভাৱে উল্লেখ কৰা আছে।
এই ঘটনাক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা ৷ পিছে এই জাননীযোগে মহিলাসকলক হাফ পেণ্ট পিন্ধা বাৰণ কৰিছে নে পুৰুষসকলৰ বাবে এই নিৰ্দেশ সেইয়া স্পষ্ট হোৱা নাই। আপাতত এই নিৰ্দেশ পুৰুষ-মহিলা সকলো লোকৰ বাবেই বুলি অনুমান কৰিব পাৰি।
এই ঘটনা সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰাত জানিব পৰা যায় যে চাৰি মাহ পূৰ্বেই এই পোষ্টাৰসমূহ লগোৱা হৈছিল। তেওঁলোকে কয় যে কাৰ্যালয়টোৰ বিষয়া দুগৰাকী মহিলা, এনে ক্ষেত্ৰত বহু লোকে অমাৰ্জিত সাজ-পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰিলে পৰিবেশ বেয়া হয় কাৰণেই পোষ্টাৰসমূহ লগোৱা হৈছিল।
অৱশ্যে সামাজিক মাধ্যমত সৰ্বত্ৰে চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত কাৰ্য্যালয়ৰ পৰা পোষ্টাৰ সমূহ এৰুৱাই দিয়া পৰিলক্ষিত হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পৰিধান কৰি তেজপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্তৰবেশ পৰীক্ষাৰ পৰীক্ষাকেন্দ্ৰত উপস্থিত হোৱাত কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক হাফ পেণ্ট পৰিধান কৰাৰ বাবেই পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা প্ৰদান কৰিছিল। অৱশ্যে পৰবৰ্তী সময়ত ছাত্ৰীগৰাকীক পৰ্দা এখন পিন্ধাই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি প্ৰদান কৰিছিল ৷ কৰ্তৃপক্ষৰ এই কাণ্ডৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল। আনকি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰা হৈছিল।
Published by: Manjumoni Borah
First published: September 28, 2021, 21:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|