• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ কৰুণ জীৱন গাঁথা; অকলশৰে বন্ধ কোঠাত উলংগ হৈ কটাইছে জীৱন।

সোণাৰিত এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ কৰুণ জীৱন গাঁথা; অকলশৰে বন্ধ কোঠাত উলংগ হৈ কটাইছে জীৱন।

পত্নীৰ মৃত্যুৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা অধ্যক্ষগৰাকী মানসিকভাৱে ভাগি পৰে৷

পত্নীৰ মৃত্যুৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা অধ্যক্ষগৰাকী মানসিকভাৱে ভাগি পৰে৷

পত্নীৰ মৃত্যুৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা অধ্যক্ষগৰাকী মানসিকভাৱে ভাগি পৰে৷

  • Share this:
শিক্ষকতাৰ দৰে পৱিত্ৰ আৰু মহান বৃত্তিৰে সমাজত প্ৰজ্ঞাৰ পোহৰ বিলোৱা এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ কৰুণ আৰু দুৰ্বিসহ জীৱনে সকলোৰে চকু সেমেকাই তুলিছে। আধুনিক শিক্ষাৰে শিক্ষিত ভোগবাদী সমাজত পিতৃ-মাতৃ তথা সমাজৰ জ্যেষ্ঠজনৰ প্ৰতি নিজৰ সন্তান তথা কণিষ্ঠসকলৰ অলপো দায়বদ্ধ নথকা বুলি সততে অভিযোগ উত্থাপিত হোৱাৰ সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ এগৰাকী অশীতিপৰ বৃদ্ধৰ কৰুণ জীৱন গাঁথাই শিক্ষিত,আধুনিক পৃথিৱীৰ এখন ফোপোলা ছৱি প্ৰতিভাত হৈছে৷

জানিব পৰা মতে, চৰাইদেউ জিলাৰ সোণাৰিৰ এখন অতি পুৰণি ঐতিহ্যমণ্ডিত পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাফাজুল হুছেইনে ঘৰত অকলশৰে সম্প্ৰতি এক দুঃসহ জীৱন কটাইছে৷ ২০০৬ বৰ্ষতে অৱসৰ গ্ৰহণ কৰা ছাফাজুল হুছেইনৰ এসময়ত পত্নী আৰু একমাত্ৰ কন্যাৰে সৈতে আছিল এক সুখৰ সংসাৰ৷  কিন্তু একমাত্ৰ কন্যাই চাকৰি আৰু বিবাহসুত্ৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত বসবাস কৰাৰ বাবে পত্নীৰ সৈতে সোণাৰি নগৰৰ নাহৰআলিস্থিত বাসগৃহত বসবাস কৰি আছিল৷

২০১৭ বৰ্ষত পত্নীৰ মৃত্যু হোৱাৰ পাছত অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ জীৱনলৈ একপ্ৰকাৰ ধুমুহা নামি আহে৷ পত্নীৰ মৃত্যুৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা অধ্যক্ষগৰাকী মানসিকভাৱে ভাগি পৰে৷ আমেৰিকা নিৱাসী একমাত্ৰ কন্যাই আনকি মাতৃৰ মৃত্যুৰ পাছতো বৃদ্ধ পিতৃৰ কাষত উপস্থিত নোহোৱাত অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়৷ ইফালে কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই কেবাবছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ নহাৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ লগতে বেংকৰ এ টি এমো নিজৰ লগতে ৰাখিছে৷

অৱশ্যে নিজ কন্যাই অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চোৱাচিতা কৰিবৰ বাবে এগৰাকী পৰিচাৰিকা নিয়োগ কৰাৰ লগতে বৃদ্ধ পিতৃৰ ঔষধৰ লগতে খোৱা-বোৱাৰ বাবে প্ৰয়োজনীয় খৰচ যোগান ধৰি আহিছে বুলি জানিব পৰা গৈছে৷ কিন্তু সম্প্ৰতি এগৰাকী পৰিচাৰিকাই অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চোৱা-চিতা কৰি আহিছে যদিও তেওঁক সম্প্ৰতি উন্নত চিকিৎসাৰ প্ৰয়োজন আছিল৷ নিজৰ কাপোৰ-কানি পিন্ধিবলৈও পাহৰি যোৱা মানসিকভাৱে বাধাগ্ৰস্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষজনক বৰ্তমানে ঘৰৰ ভিতৰতে হাত-ভৰি বান্ধি ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এনেক্ষেত্ৰত কি ৰহস্যজনক কাৰণত আমেৰিকা নিৱাসী একমাত্ৰ কন্যাই নিজ পিতৃৰ কাষত উপস্থিত হৈ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা নাই এই বিষয়ে ৰাইজৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আনহাতে, অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ পৰিয়াল তথা আত্মীয় লোকসকলেও তেওঁক কোনোধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই বুলি জানিব পৰা গৈছে৷ সোণাৰি নগৰৰ মাজমজিয়াত বিশাল সম্পত্তিৰ গৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ এই দুৰ্বিসহ জীৱনে বহুতৰে চকু সেমেকাই তুলিছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি