চৰাইদেউ জিলাৰ সোণাৰি সদৰ আৰক্ষী থানাত পুৱাই আৰক্ষীয়ে আৰক্ষীক গুলীওৱা ঘটনাক লৈ এতিয়া বিৰাজ কৰিছে চাঞ্চল্য। সামান্য তৰ্কা-তৰ্কিৰ পিছত এজন আৰক্ষী জোৱানে গুলীয়াই থকাসৰকা কৰিছিল আনজন সতীৰ্থ আৰক্ষী জোৱানক।
পুৱা প্ৰায় ৯.২০ মিনিটত সংঘটিত এই ঘটনা তেতিয়া সংঘটিত হৈছিল যেতিয়া মূল প্ৰৱেশদ্বাৰত কৰ্তব্যৰত চন্তৰী তথা নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী (৩২) য়ে "ৰিলিফ" দিবলৈ আহিছিল একেটা বেটেলিয়নৰ জোৱান দীপক কাকতি (৩৩) ক।
কিন্তু বিগত কিছুদিনৰ পৰা দুয়োৰে মাজত চলি থকা সংঘাতৰ বাবে দীপক কাকতিয়ে গকুল বসুমতাৰীৰ মুখামুখি হৈ গুলীয়াই দিয়ে। নিজৰ চাৰ্ভিছ ইনচাৰ্ছ ৰাইফলেৰে দীপক কাকতিয়ে গুলী চলোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
কাকতিয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে বসুমতাৰীয়ে তেওঁক মাৰিছিল আৰু সেই কাৰণে তেওঁক গুলী চলাই হত্যা কৰিছে। অৱশ্যে এয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব।
ইফালে মাত্ৰ এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বসুমতাৰীৰ নগাঁওৰ বৰহমপুৰৰ ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰে। তেওঁৰ অন্তসত্ত্বা পত্নীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি অসুস্থ হৈ পৰে। স্থানীয় ৰাইজো এই ঘটনাক ব্যথিত। ৰাইজৰ মতে অতি অমায়িক যুৱক আছিল বসুমতাৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|