সোণাৰি নগৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নগৰখনৰ ৰজাধাপস্থিত পলষ্টাৰ একাডেমীৰ পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীয়ে টেলিকমিউনিকেচন অভিযন্তা অসীম মজুমদাৰৰ সহযোগিতাত কেৱল ৩,০০০ টকাত চৰাইদেউ জিলাৰ প্ৰথমটো ৰবট ‘ফুলী’ নিৰ্মাণ কৰে। বিদ্যালয় স্থাপনৰ ২৩ তম বৰ্ষপুতি উপলক্ষে সোমবাৰ অৰ্থাৎ ২৩ জানুৱাৰীত অধ্যক্ষ তপতী ভট্টাচাৰ্য্যৰ উদ্যোগত অনুষ্ঠিত ‘Colours of Polestar Exibition cum Sale’ শীৰ্ষক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাৰ প্ৰথমটো ৰবট ‘ফুলী’ প্ৰদৰ্শিত কৰা হয়। ইয়াৰ সমান্তৰালভাৱে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে নিজে প্ৰস্তুত কৰা বিভিন্ন খাদ্যৰ প্ৰদৰ্শন তথা বিক্ৰীৰ লগতে বিজ্ঞান, চিত্ৰ আৰু সাজসজা প্ৰদৰ্শন কৰি সাধাৰণ জনসাধাৰণৰ লগতে অভিভাৱকসকলক আপ্লুত কৰি তুলে।
সোণাৰিৰ বিশিষ্ট চিকিৎসক পল্লৱ মহন্তই দ্বাৰা মুকলি কৰা উক্ত প্ৰদৰ্শনী মেলাত শিক্ষানুষ্ঠানখনৰ ছাত্র-ছাত্ৰী সকলে ঘৰতে নিজে প্ৰস্তুত কৰা বিভিন্ন পৰিধান সামগ্ৰীৰ লগতে জনগোষ্ঠীয় সাজ-পাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে আৰু সেইসমূহ বিক্ৰীও কৰে।
উক্ত প্ৰদৰ্শনী মেলাত ইউনিচেফৰ প্ৰশাসনিক বিষয়া ৰুম্পা ৰয় মজুমদাৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগকে ধৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ এনে প্ৰচেষ্টাক শলাগ লয়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|