সম্প্ৰতি বেদখলকাৰীৰ কবলত আহোম ৰাজত্বকালৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউৰ বহু বিঘা মাটি। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰাৰ সময়তে চৰাইদেউৰ মাটিত চলা বেদখলে চিন্তিত কৰিছে সচেতন ৰাইজক।
এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰ পৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
কিন্তু অতি পৰিতাপৰ কথা যে দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰাৰ লগতে দেওশালৰ মাটি ব্যক্তিগত ম্যাদী পট্টাৰ মাটি বুলি দাবী জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।