অসমৰ বিভিন্ন প্ৰান্তত নগাৰ আগ্ৰাসন, অসমৰ মাটিতেই নগাৰ সন্ত্ৰাস ইত্যাদি বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ সময়তে চৰাইদেউ জিলাতো নগাই অনুৰূপ ঘটনা সংঘটিত কৰি অহাত জিলাবাসী অতিষ্ঠ হৈ পৰিছে। যোৱা কিছুদিন ধৰি জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা নগালেণ্ডৰ পৰা নগা দুস্কৃতিকাৰীয়ে বনাঞ্চলখনত গছ-গছনি কাটি সংকুচিত কৰি অসমৰ মাটিত অনধিকাৰ প্ৰৱেশ কৰি অসমীয়া লোকক মাৰপিট কৰি লুট-পাট চলোৱা কার্য সাধাৰণ কথাত পৰিণত হৈছে।
উল্লেখযোগ্য যে জিলাখনৰ সদৰ সোণাৰিৰ সীমামূৰীয়া নগানদী বনগাঁও, গোৱালাপথাৰ , থুকুবিল আদিত যোৱা কিছুদিন ধৰি নগা দুস্কৃতিকাৰীৰ দল এটা প্ৰৱেশ কৰি অসমৰ ৰাইজৰ পশুধন কাঢ়ি নিয়াৰ লগতে ধন, সম্পত্তিও লুট কৰি নিয়া বুলি জানিব পৰা গৈছে। আজি পুৱা থুকুবিল গাঁওখনৰ নিবাসী লক্ষেশ্বৰ কালিতাই সমীপত মেলি থোৱা তেওঁৰ দহটাকৈ ম'হ সন্দেহজনক নগা দুৰ্বৃত্তৰ দল এটাই চুৰি কৰি নিয়ে । আজি পুৱা কলিতাই তেওঁৰ ম'হকেইটা বিচাৰি নেপাই অৱশেষত এই সন্দৰ্ভত তেওঁ স্থানীয় গাঁওৰক্ষী বাহিনীক অৱগত কৰাত গাঁওৰক্ষী বাহিনীয়ে সোণাৰি আৰক্ষীক খবৰ দিয়ে । সোণাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।
বিগত কেইটামান দিনত অঞ্চলটোৰপৰা ক্ৰমে বীৰেন মুণ্ডা, মাটু মুণ্ডা, সৰু ওৰাং আৰু সাধু ভূমিজৰ পোন্ধৰটাৰো অধিক গৰু মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভয়-ভাবুকিৰে নগাই এনেদৰে লৈ যোৱা বুলি আজি গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে । উল্লেখ্য যে বিগত বছৰতো নগা আহি গাঁওবাসীক ভাবুকি প্ৰদান কৰি কাঢ়ি নিছিল কেইবাটাও পশুধন।
ইফালে এনেধৰণৰ ঘটনা গাঁওখনত প্ৰায়েই ঘটি থকাৰ পাছতো গাঁওখন অতি পিছপৰা আৰু ভিতৰুৱা হোৱাৰ বাবে স্থানীয় প্ৰশাসন কিম্বা বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি গাঁওখনৰ যুৱকসকলে বনাঞ্চলখনৰ ভিতৰত শিবিৰ স্থাপন কৰি থকা নগা দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি জানিব পৰা গৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|