• Home
  • »
  • News
  • »
  • assam
  • »
  • ক'ভিড পজিটিভ বিধায়িকা কিয় নাযায় চিকিৎসালয়লৈ? হোম আইচ’লেচনহে লাগে নৱনীতা সন্দিকৈক

ক'ভিড পজিটিভ বিধায়িকা কিয় নাযায় চিকিৎসালয়লৈ? হোম আইচ’লেচনহে লাগে নৱনীতা সন্দিকৈক

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক'ভিড সংক্ৰান্তীয় নিৰ্দেশনা অনুসাৰে কোনো লোকৰ ঘৰত ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি থাকিলে পজিটিভ ৰোগী নিজ গৃহত থাকি আইচলেট হ'ব নোৱাৰে। বিধায়িকা নৱনীতা সন্দিকৈ স্বামীৰ বয়স ৬০ বছৰতকৈ বেছি।

  • Share this:
সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ দেহত ধৰা পৰিছে ক’ভিড ১৯। পূৰ্বে পুত্ৰ কৰণ সন্দিকৈ আৰু তেওঁৰ ব্যক্তিগত গাড়ীচালকৰ লগতে ব্যক্তিগত সহায়কৰ দেহত ধৰা পৰিছিল কভিড ১৯ৰ অৱস্থিতি।

বৰ্তমান টেষ্টত পুত্ৰ কৰণৰ দেহত নিগেটিভ পোৱা গৈছে যদিও দেওবাৰে বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে তেওঁৰ গাড়ীচালক ৰঞ্জিত গগৈ আৰু ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয়ৰ দেহত ধৰা পৰিল কৰণা পজিটিভ।

স্বাস্থ্য বিভাগৰ লোকে পিপি কিট পৰিধান কৰি বিধায়িকা নৱনীতা সন্দিকৈৰ বাসগৃহৰ সন্মুখত উপস্থিত হৈছিল। ঘণ্টা ঘণ্টা জুৰি বোন্দাপৰ দিছে বিধায়িকা ওলাই অহালৈ। নাই বিধায়িকা নাহে, তেওঁ নাযায় চিকিৎসালয়লৈ। এক প্ৰকাৰে নাচোৰবান্দা। বহুসময়ৰ পাছত ব্যক্তিগত সহযোগী আৰু গাড়ী চালকক চিকিৎসালয়লৈ আনিলে স্বাস্থ্য বিভাগে।

যোৱাকালি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোণাৰিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত বিধায়িকাৰ দেহত কভিড ১৯ধৰা পৰাৰ কথা অৱগত কৰে। লগতে উপযুক্ত চিকিৎসাৰ বাবে বিধায়িকাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে মন্ত্ৰী গৰাকীয়ে,ইয়াৰ ওপৰিও তেওঁৰ সংস্পৰ্শলৈ অহা সকলৰো স্বাৱ টেষ্ট আৰু ৰেপিড টেষ্ট কৰাৰ কথা দোহাৰে। কিন্তু বিধায়িকা আঁকোৰগোজ,তেওঁ কোনোপধ্যেই চিকিৎসালয়লৈ নাযায়। 

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ক'ভিড সংক্ৰান্তীয় নিৰ্দেশনা অনুসাৰে কোনো লোকৰ ঘৰত ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি থাকিলে পজিটিভ ৰোগী নিজ গৃহত থাকি আইচলেট হ'ব নোৱাৰে। বিধায়িকা নৱনীতা সন্দিকৈ স্বামীৰ বয়স ৬০ বছৰতকৈ বেছি। তেনে অৱস্থাত বিধায়িকা গৰাকী ঘৰতে আইচলেচন হৈ থকা কথাটো সচেতন মহলে তীব্ৰ বিৰোধিতা কৰিছে।

আনহাতে চৰাইদেউ জিলা প্ৰশাসনক এই সন্দৰ্ভত প্ৰশ্ন কৰাত উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই কয় যে- ইতিমধ্যে বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী আৰু তেওঁৰ ঘৰত থকা আন সুস্থ লোক সকলক অন্য নিৰাপদ ঠাইলৈ হস্তান্তৰ কৰা হৈছে বুলি যুক্তি দিছে বিধায়িকাই।
First published: