உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নৈৰ কোবাল সোতত উটি গ'ল স্বামী ! ঘাটত ওৰে নিশা স্বামীৰ অপেক্ষাত কান্দি থাকিল এগৰাকী অসহায় মহিলা...

    নৈৰ কোবাল সোতত উটি গ'ল স্বামী ! ঘাটত ওৰে নিশা স্বামীৰ অপেক্ষাত কান্দি থাকিল এগৰাকী অসহায় মহিলা...

    সোণাৰি নগৰৰ গাতে লাগি থকা টাওকাক নদীত মঙলবাৰে মহিলাগৰাকীৰ স্বামী কোবাল সোঁতত উটি যায় ৷ স্বামীৰ উটি যোৱা স্থানতে ওৰে নিশা কান্দি কাটি কটালে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ।

    • Share this:
    এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে চৰাইদেউ জিলাৰ সোণাৰি নগৰ ৷ নগৰৰ গাতে লাগি থকা টাওকাক নদীত মঙলবাৰে মহিলাগৰাকীৰ স্বামী কোবাল সোঁতত উটি যায় ৷

    স্বামীৰ উটি যোৱা স্থানতে ওৰে নিশা কান্দি কাটি কটালে দুৰ্ভগীয়া মহিলাগৰাকীয়ে । নদীত মহিলাগৰাকীৰ স্বামী গা ধুবলৈ যোৱাৰ সময়তে নদীৰ কোবাল সোঁতত উটি যায়৷ উপায়হীন মহিলাগৰাকীয়ে স্বামীক উদ্ধাৰৰ বাবে বহু চেষ্টা কৰে৷ অৱশেষত মহিলাগৰাকীয়ে স্থানীয় সোণাৰি আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ পৰাও নাপালে বিশেষ সহাৰি৷ অৱশেষত মহিলা গৰাকীয়ে স্বামীৰ মৃত্যুৰ দুখত কান্দি কাটি ওৰে নিশা নদীৰ কাষতে পাৰ কৰে৷ পথৰ কাষত জীৱন নিৰ্বাহ কৰা গৃহহীন দম্পতীহালৰ স্বামীৰ মৃত্যুত অকলশৰীয়া হৈ পৰে মহিলা গৰাকী৷ এই খবৰ সোণাৰি নগৰত বিয়পি পৰাৰ লগে লগে সোণাৰি আৰক্ষীয়ে টাওকাক নদীত অনুসন্ধান অব্যাহত ৰাখিছে৷
    Published by:Kokil Sarma
    First published: