মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোভিডমুক্ত হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈ থকা মহিলাক বলাৎকাৰ কৰা দুই অভিযুক্তক আটক

কোভিডমুক্ত হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈ থকা মহিলাক বলাৎকাৰ কৰা দুই অভিযুক্তক আটক

News18 Assam | News18-Assam
Updated:May 31, 2021, 6:48 PM IST
কোভিডমুক্ত হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈ থকা মহিলাক বলাৎকাৰ কৰা দুই অভিযুক্তক আটক
চৰাইদেউ আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে। বৰহাট চাহ বাগিচাৰ পৰা দুই অভিযুক্তক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে৷

চৰাইদেউ আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে। বৰহাট চাহ বাগিচাৰ পৰা দুই অভিযুক্তক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে৷

  • Share this:
২৭ মে’ত চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সংঘটিত হোৱা চাঞ্চল্যক ধৰ্ষণ কাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে৷ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ পৰা কোভিড মুক্ত হৈ নিজ গৃহলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল দুই লম্পটে৷ মাতৃ–কন্যাই কোভিড মুক্ত হৈ চিকিৎসালয়ৰ পৰা সন্ধিয়া ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা৷ ধৰ্ষণকাৰীৰ কবলৰ পৰা কথমপি ৰক্ষা পৰিছিল কন্যা৷

ইতিমধ্যে চৰাইদেউ আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে। বৰহাট চাহ বাগিচাৰ পৰা দুই অভিযুক্তক আটক কৰিছে চৰাইদেউ আৰক্ষীয়ে৷

উল্লেখযোগ্য যে কোভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ গৈ থকা পথতে সন্ধিয়া সময়ত দুজন লোকৰ কামনাৰ বলি হৈছিল মহিলাগৰাকী৷ চাহ জনগোষ্ঠীয় এটা পৰিয়ালৰ স্বামী–স্ত্ৰী আৰু তেওঁলোকৰ কন্যাৰ ১৭ মে'ত কোভিডত আক্ৰান্ত হৈ নিজ ঘৰতে আইছ’লেচনত আছিল৷ ক্ৰমান্বয়ে তিনিওৰে স্বাস্থ্যৰ অৱনতি ঘটাত সাপেখাতীস্থিত মডেল চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

প্ৰথমে স্বামীৰ পুনৰ কোভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ অহাত তেওঁক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ যাবলৈ দিয়া হয়৷ তাৰ পিছত বৃহস্পতিবাৰে মাতৃ আৰু কন্যাৰো কোভিড টেষ্ট কৰাত দুয়োৰে নিগেটিভ অহাত দুয়োকে চিকিৎসালয়ৰ পৰা ২.৩০ বজাত ৰিলিজ দিয়ে৷ কিন্তু ২ বজাৰ পৰা থকা সান্ধ্য আইনৰ বাবে যান–বাহন বন্ধ হৈ পৰাত ঘৰলৈ যাবলৈ অসুবিধাত পৰিছিল মাতৃ–কন্যা৷ চিকিৎসালয় কৰ্তৃপক্ষই  ঘৰত থোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাত অৱশেষত উপায়ন্তৰ হৈ অসুস্থ দেহাৰেই খোজ কাঢ়িয়েই নিজ ঘৰলৈ গৈ আছিল মাতৃ–কন্যা৷

সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰত থকা নিজ ঘৰলৈ মাত্ৰ চাৰি কিলোমিটাৰ মান বাকী থকাৰ অৱস্থাতে ধোদৰআলিৰ জনশূন্য স্থানত মহিলাগৰাকীৰ লগতে যুৱতীগৰাকীক দুজন লোকে আগচি ধৰি বাগিচাৰ মাজলৈ টানি নিবলৈ চেষ্টা চলায়৷  যুৱতীগৰাকীয়ে আন্ধাৰৰ সুযোগ লৈ নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়৷ কিন্তু অসুস্থ মহিলাগৰাকীক বাগিচাৰ মাজলৈ নি লোক দুজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷

ততালিকে যুৱতীগৰাকীয়ে স্থানীয় একাংশ লোক আৰু টহলদাৰী গাঁওৰক্ষী বাহিনীৰ লোকক সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত কৰাত আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে দুই দুৰ্বৃত্ত৷ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুই অভিযুক্তই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে মাৰপিট কৰাৰ ফলত মহিলাগৰাকীয়ে হেৰুৱাই পেলাইছে শ্ৰৱণ শক্তিও।
Published by: Sanjay Kumar Das
First published: May 31, 2021, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি